আমোলাপট্টি এমভি স্কুলত ৰাষ্ট্ৰীয় শিক্ষক দিৱস
বৰ্ষশ্ৰেষ্ঠ শিক্ষক বসন্ত কুমাৰ গগৈ
চাইন অন ডেস্ক,৫ ছেপ্টেম্বৰ:
ডিব্ৰুগড় আমোলাপট্টি এম ভি স্কুলত আজি ৬৫ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়।
বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰধান শিক্ষক গৰাকীয়ে কয় – “শিক্ষক হৈছে এডাল মমবাতি যি নিজে জ্বলি আনক পোহৰ দিয়ে। আজিৰ ছাত্ৰই কাইলৈ দেশৰ ভৱিষ্যৎ গঢ়িব। সেয়ে ভৱিষ্যৎ প্ৰজন্মক সঠিক পথ দেখুওৱাটোৱে শিক্ষকৰ প্ৰধান দায়িত্ব।” সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শান্তিপাৰা বাঙালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহ: প্ৰধান শিক্ষক সুশান্ত দেৱে কয় যে শিক্ষকৰ দায়িত্ব
কেৱল শ্ৰেণীকোঠাতে সীমাবদ্ধ নহয়, নিৰ্বাচন, লোকপিয়লৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰী কামতে শিক্ষক জড়িত হৈ থাকে। শিক্ষকৰ ত্যাগক কেতিয়াও অৱমাননা কৰিব নালাগে। আজিৰ ছাত্ৰই কাইলৈ দেশৰ ভৱিষ্যৎ। বিশিষ্ট অতিথি শান্তিপাৰা বাঙালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহ: প্ৰধান শিক্ষক সুশান্ত দেৱেএই বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে চন্দন ফুকনে দায়িত্বৰ ভাৰ লোৱাৰ পিছত বিদ্যালয়ৰ গৃহ আৰ চি চি হোৱাত সন্তোষ প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীক সাধুৰ জৰিয়তে সুনাগৰিক হোৱাৰ উপদেশ দিয়ে। অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষয়িত্ৰী মামনি বৰা, নিপুজ্যোতি গগৈ, অল্পনা চুতীয়া, জেনিভা শৰ্মা, নীলিমা চাংকাকতি, কল্যাণী দাস, বনশ্ৰী ফুকন আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী যোগেন দাস, সংযুক্তা দাস আৰু ৰান্ধনী মাজনি দত্ত, জিনামণি দত্ত, অঞ্জনা দাস, বন্তি দাস, ৰঞ্জনা দাসক সম্বৰ্ধনা জনোৱা হয়।আনহাতে ২০২৫-২৬ বৰ্ষৰ ‘বৰ্ষশ্ৰেষ্ঠ শিক্ষক’ বঁটা বিদ্যালয়ৰ সহকাৰী শিক্ষক বসন্ত কুমাৰ গগৈক প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত বৰ্ষ শ্ৰেষ্ঠ শিক্ষক বসন্ত কুমাৰ গগৈয়ে কয় যে- শিক্ষকৰ বাবে সকলো ছাত্র-ছাত্ৰী একে সমান। কোনো ছাত্ৰ-ছাত্ৰীৰ জাতিভেদ চাই বিদ্যালয়ত শিক্ষা দিয়া নহয়। সকলোকে সম অধিকাৰ সম মৰ্যদা প্ৰদান কৰা হয়। সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকল উপস্থিত থাকে। সভাত অষ্টম শ্ৰেণীৰ ছাত্ৰ ভাৰ্গৱ কৃষ্ণ দাসে শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে স্বৰচিত কবিতা পাঠ কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল অনুষ্ঠানত উপস্থিত থাকে।