...

নীতি-আদৰ্শ অক্ষুণ্ণ ৰাখি ক্লাবক আগুৱাই নিবলৈ ৰাজীৱ বৰগোহাঁইৰ আহ্বান

নীতি-আদৰ্শ অক্ষুণ্ণ ৰাখি ক্লাবক আগুৱাই নিবলৈ ৰাজীৱ বৰগোহাঁইৰ আহ্বান

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ নতুন কমিটিৰ দায়িত্ব গ্ৰহণ

চাইন অন ডেস্ক,৫ছেপ্টেম্বৰঃ

নতুন উদ্যম, স্বকীয়তা আৰু অটল নীতি-আদৰ্শৰে সাংবাদিকতাৰ সুস্থ পৰম্পৰা অক্ষুণ্ণ ৰখাৰ লগতে সমাজসেৱাৰ ক্ষেত্ৰত অধিক সক্ৰিয় হোৱাৰ সংকল্পৰে আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ (জিডিপিচি) নতুন কাৰ্যনিৰ্বাহক সমিতিয়ে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে। ক্লাবৰ নিজা প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত দায়িত্ব গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি ৰাজীৱ বৰগোহাঁইয়ে প্ৰতিগৰাকী বিষয়ববীয়া আৰু সদস্যক নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।
২০০৫ চনত ক্লাব গঠনৰ সময়ৰ সংগ্ৰামী দিনসমূহ স্মৰণ কৰি বৰগোহাঁইয়ে সাংবাদিকসকলক স্বতন্ত্ৰতা আৰু সামাজিক দায়বদ্ধতা বজাই ৰাখি সাংবাদিকতাৰ সুস্থ পৰম্পৰা আগুৱাই নিবলৈ পৰামৰ্শ আগবঢ়ায়।
সভাপতি মনজিৎ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোঁহায়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সংগঠনটোৰ গোপনীয়তা, সক্ৰিয়তা বৃদ্ধি আৰু উপদেষ্টা নিযুক্তিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে। কাৰ্যকৰী সভাপতি বিভাস দুৱৰা, উপ-সভাপতি যাদৱ গগৈ আৰু পত্ৰিকা সম্পাদক হিৰণ্য কৌশিক বৰাই পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খুৱাই সাংবাদিকসকলৰ নিৰন্তৰ অধ্যয়ন, দক্ষতা বৃদ্ধি আৰু দায়িত্বশীল ভূমিকাৰ প্ৰয়োজনীয়তাৰ বিষয়ে মত প্ৰকাশ কৰে।
কোষাধ্যক্ষ শৈলেশ জৈনে ক্লাবৰ বেংক একাউণ্ট পৰিচালনাত সম্পূৰ্ণ স্বচ্ছতা অৱলম্বন কৰাৰ অংগীকাৰ ব্যক্ত কৰে। সভাত প্ৰাক্তন সম্পাদক তথা অনিৰুদ্ধদেৱ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈয়ে শিক্ষা, স্বাস্থ্য আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ক্লাবে আগবঢ়াই অহা সেৱাৰ কথা উল্লেখ কৰে। ২২ বছৰত পদাৰ্পণ কৰা ক্লাবটোৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে ডিব্ৰুগড়ৰ বুৰঞ্জী আৰু ডিব্ৰুগড়ৰ সাংবাদিকতাৰ ইতিহাসক সামৰি এখন তথ্যসমৃদ্ধ দলিল প্ৰস্তুত কৰাৰ পৰিকল্পনাৰ কথাও তেওঁ উল্লেখ কৰে।
সভাপতি মনজিৎ বৰাই ক্লাবৰ উদাৰতাক কোনো পক্ষই দুৰ্বলতা বুলি গণ্য নকৰিবলৈ সকীয়াই দিয়ে। নীতি-আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত এই সংগঠনে কোনো সমাজবিৰোধী চক্ৰৰ ষড়যন্ত্ৰ সহ্য নকৰে বুলি স্পষ্ট কৰি তেওঁ সকলো সদস্যকে সততা আৰু ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায়।
ইপিনে, কাৰ্যকৰী সভাপতি বিভাস দুৱৰাই বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে সাংবাদিকতাৰ ক্ষেত্ৰৰ লগতে ক্ৰীড়া, সাহিত্য, সংস্কৃতি আৰু সামাজিক সেৱাৰ বিভিন্ন ক্ষেত্ৰতো ধাৰাবাহিকভাৱে কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ কথা উল্লেখ কৰে। অনাগত দিনত সংগঠনটোৱে কেৱল উজনি অসমতে নহয়, ৰাজ্যৰ বাহিৰতো নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰি তেওঁ নতুন সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলক শুভেচ্ছা জ্ঞাপন কৰে।
আজিৰ সভাতে এম হাচিম আলী আৰু দূৰদৰ্শনৰ সাংবাদিক শান্তনু দাসক প্ৰেছ ক্লাবৰ নতুন সদস্যপদ প্ৰদান কৰা হয়। লগতে সকলো সদস্যৰ মাজত ক্লাবৰ পৰিচয়-পত্ৰ বিতৰণ কৰা হয়। সভাত আগন্তুক দিনত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী, বিশ্বকৰ্মা পূজা, জুবিন দিৱস আৰু ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ইয়াৰ উপৰি ড° শশীকান্ত শইকীয়া আৰু ক্লাবৰ প্ৰাক্তন সম্পাদক সুৰজ দত্তক নতুনকৈ প্ৰেছ ক্লাবৰ উপদেষ্টা হিচাপে মনোনীত কৰা হয়।
প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত সভাখন এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত সভাপতি মনজিৎ বৰাৰ সামৰণি মন্তব্যৰে সমাপ্ত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *