ডিব্ৰুগড়ত চাহ বজাৰ মুকলি
নতুন আশাৰ সঞ্চাৰ উজনিৰ চাহ উদ্যোগলৈ
দীৰ্ঘদিনীয়া দাবী পূৰণ
চাইন অন ডেস্ক,২৫ছেপ্তেম্বৰ:
গুৱাহাটীৰ ওপৰত নিৰ্ভৰশীলতা কমাৰ লগতে ৰাহি হ’ব পৰিবহণ ব্যয় আৰু সময়। চাহ নগৰী ডিব্ৰুগড়ত চাহ উদ্যোগৰ বাবে আজি ঐতিহাসিক দিন। দীৰ্ঘদিন ধৰি উজনি অসমৰ চাহ উদ্যোগপতিসকলে কৰি অহা দাবী অৱশেষত পূৰণ হ’ল। আজি ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ’ল চাহ বজাৰ তথা ই-চাহ নিলাম ব্যৱস্থা। চাহ বজাৰ মুকলি হোৱাৰ লগে লগে উজনি অসমৰ শ শ চাহ উদ্যোগপতিৰ মুখত দেখা গ’ল আনন্দ আৰু আশাৰ হাঁহি।
ইমানদিনে উজনি অসমৰ চাহ উদ্যোগপতিসকলে চাহৰ নিলামৰ বাবে মূলতঃ গুৱাহাটীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। নিলামৰ বাবে চাহ গুৱাহাটীৰ গুদামলৈ প্ৰেৰণ কৰিবলগীয়া হোৱাৰ ফলত উদ্যোগপতিসকলে অতিৰিক্ত পৰিবহণ ব্যয়ৰ লগতে গুদামৰ ভাড়াও বহন কৰিবলগীয়া হৈছিল। ইয়াৰ ফলত সময় আৰু ধন দুয়োটাই ব্যয় হৈছিল।
কিন্তু এতিয়াৰে পৰা ডিব্ৰুগড়তে চাহৰ নিলামৰ সুবিধা লাভ কৰাৰ পথ মুকলি হোৱাত উজনি অসমৰ চাহ উদ্যোগলৈ এক বৃহৎ সকাহ আহিব। ডিব্ৰুগড়ত চাহ বজাৰ মুকলি হোৱাৰ ফলত নিলামৰ বাবে গুৱাহাটীলৈ চাহ প্ৰেৰণ কৰাৰ প্ৰয়োজনীয়তা বহু পৰিমাণে হ্ৰাস পাব। ফলত পৰিবহণ ব্যয় আৰু সময় দুয়োটাই ৰাহি হোৱাৰ লগতে গুদামৰ ভাড়াৰ অতিৰিক্ত বোজাও কমিব। ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই ই-চাহ নিলামত ইতিমধ্যে ১৭০টা চাহ বিক্ৰেতা প্ৰতিষ্ঠানে অংশগ্ৰহণৰ বাবে নাম পঞ্জীয়ন কৰিছে। আনহাতে, ৬৫টা ক্ৰেতা প্ৰতিষ্ঠানেও নিলামত অংশগ্ৰহণ কৰিছে। টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেড, জিনদাল ফাৰ্টিলাইজাৰছ, বিক্ৰম টি প্ৰচেছৰ প্ৰাইভেট লিমিটেড, টি আই লিমিটেড, হিন্দুস্তান ইউনিলিভাৰ, প্ৰাণ জীৱন, জে শ্বাহ আদিকে ধৰি কেইবাটাও প্ৰতিষ্ঠানে নিলামত অংশগ্ৰহণ কৰিব।
ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট আদি উজনি অসমৰ চাহ উৎপাদনকাৰী অঞ্চলৰ পৰা নিলামৰ বাবে চাহ অহাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে প্ৰায় ২৫০ মিলিয়ন কেজি চাহ নিলামৰ বাবে প্ৰস্তুত কৰা হৈছে বুলি জানিব পৰা গৈছে। ডিব্ৰুগড়ত প্ৰায় ৮০ হাজাৰ বৰ্গফুটৰ পণ্যাগাৰ সাজু কৰাৰ লগতে গুৱাহাটীত ৫ হাজাৰ বৰ্গফুটৰ পণ্যাগাৰৰ ব্যৱস্থা কৰা হৈছে।
ই-নিলাম ব্যৱস্থাৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়ক, বটলিফ কাৰখানা আৰু বৃহৎ চাহ কোম্পানীসমূহো উপকৃত হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ ডিব্ৰুগড়তে নিলামৰ সুবিধা লাভ কৰাৰ ফলত নিলামৰ পৰা লাভ কৰা ধনো পূৰ্বৰ তুলনাত সোনকালে লাভ কৰিব পাৰিব বুলি চাহ উদ্যোগপতিসকলে আশা প্ৰকাশ কৰিছে।
চাহ উদ্যোগৰ সৈতে জড়িতসকলে আশা প্ৰকাশ কৰিছে যে ডিব্ৰুগড়ৰ এই চাহ বজাৰ আগন্তুক দিনত উজনি অসমৰ চাহ উদ্যোগৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব। দীৰ্ঘদিনীয়া দাবী পূৰণ হোৱাৰ লগে লগে উজনি অসমৰ চাহ উদ্যোগে নতুন গতি লাভ কৰাৰ লগতে অঞ্চলটোৰ শ শ চাহ উদ্যোগপতি আৰু চাহ খেতিয়ক ইয়াৰ দ্বাৰা উপকৃত হ’ব বুলি আশা কৰা হৈছে।