...

মালিবাৰী সত্ৰৰ চৰকাৰী ভূমি বেদখলকাৰীক উচ্ছেদৰ ৰাজহুৱা দাবী

মালিবাৰী সত্ৰৰ চৰকাৰী ভূমি বেদখলকাৰীক উচ্ছেদৰ ৰাজহুৱা দাবী

পোন্ধৰ দিনৰ সময়সীমা ৰাজহ চক্ৰ বিষয়াৰ

কামৰূপ,২৫ছেপ্তেম্বৰ:

কামৰূপৰ বকো ছযগাওঁ সমষ্টিৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মালিবাৰী সত্ৰ গাঁৱত চৰকাৰী ভূমি দখলমুক্ত কৰা প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি পুনৰ আৰম্ভ হৈছে সৰৱ চৰ্চা ।নগৰবেৰা ৰাজহ চক্ৰ বিষয়াই জাৰি কৰা এক নিৰ্দেশ মৰ্মে মালিবাৰী সত্ৰৰ দাগ নং ৯৭ আৰু ৯৮ ত থকা চৰকাৰী ভূমিৰ পৰা দখল আঁতৰাবলৈ দুই দখলদাৰী লোকলৈ পুনৰ ১৫ দিনৰ সময়সীমা বান্ধি দিয়া হৈছে ।আদালতে উল্লেখ কৰা মতে মালিবাৰী সত্ৰ বাসিন্দা কৰিম আলী আৰু ছাজাহান আলীক পূৰ্বে ২১ আগষ্টত মহামান্য আদালতে জাৰি কৰা এক নিৰ্দেশ অনুসৰি চৰকাৰী ভূমিত থকা সকলো অবৈধ দখল ১৫ দিনৰ ভিতৰত আঁতৰাবলৈ কোৱা হৈছিল ।উক্ত সময়সীমা বিগত ৪ ছেপ্তেম্বৰত অন্ত পৰে যদিও সংশ্লিষ্ট ব্যক্তি সকলক অইন ঠাইলৈ স্থানান্তৰ হ’বলৈ পুনৰ সময় দিয়াৰ বাবে নগৰবেৰা ৰাজহ চক্ৰ বিষয়াই ৫ ছেপ্তেম্বৰৰ পৰা ১৯ ছেপ্তেম্বৰ লৈ অতিৰিক্ত সময়সীমা মঞ্জুৰ কৰে ।উক্ত সময়সীমাৰ ভিতৰত চৰকাৰী ভূমি খালী কৰি সকলো দখল আঁতৰাবলৈ নিৰ্দেশ কৰা হয় ।নিৰ্দেশত স্পষ্টকৈ উল্লেখ কৰা হয় যে নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰত ভূমি খালী নকৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু প্ৰয়োজনত বলপূৰ্বক উচ্ছেদ কৰা হ’ব।উল্লেখ্য যে মালিবাৰী সত্ৰ গাঁৱৰ কৰিম আলীৰ নামত ২৯৯ নং পট্টা ৯৯ ন দাগত ম্যাদী মাটি আছে আৰু তেওঁৰ পিতৃ ছেকেণ্ডাৰ আলীৰ নামতো ২৬০ নং পট্টাৰ ১০৯৮ নং দাগৰ ম্যাদী মাটিৰ উপৰি বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বিভিন্ন চৰ-চাপৰি অঞ্চলতো বুজন পৰিমাণৰ মাটি ভোগ দখল কৰি আছে যদিও উল্লেখিত লোক দুজনে বলপূৰ্বক মালিবাৰী সত্ৰৰ গাতে লাগি থকা ৰাইজৰ সংৰক্ষিত চৰকাৰী ভূমি দখল কৰি সম্পূৰ্ণ অবৈধ ভাবে বাসগৃহ পৰ্যন্ত সাজি লোৱাত ৰাইজ ক্ষুন্ন হৈ পৰে ।আনহাতে ইটোৰ পাছত সিটৌকৈ বিভাগীয়ভাবে তাৰিখ পিছুৱাই থকাত ৰাইজৰ বাবে বিষয়টো এক সাঁথৰ সদৃশ হৈ পৰিছে ।বাৰম্বাৰ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে যদিও কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত বৃহত্তৰ মালিবাৰী সত্ৰ অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।শীঘ্ৰে উল্লেখিত মাটি কালি দখলমুক্ত কৰাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ ল’বলৈ সচেতন ৰাইজে দাবী জনাইছে সংশ্লিষ্ট বিভাগক।

Leave a Reply

Your email address will not be published. Required fields are marked *