...

অসম চৰকাৰৰ গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালা

অসম চৰকাৰৰ গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালা

গাম্ভীৰ্যপূৰ্ণতাৰে সামৰণি অনুষ্ঠান অনুষ্ঠিত

চাইন অন ডেস্ক,৩১জুলাই:

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজিত গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে শেহতীয়াকৈ প্ৰলয়ংকাৰী বানৰ কবলত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। সাংবাদিক ৰাতুল বুঢ়াগোহাঁইয়ে আতঁ ধৰা অনুষ্ঠানত
অসম গৌৰৱ বঁটা প্ৰাপক জ্যেষ্ঠ শিল্পী ৰাম চাচনীয়ে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সুদৰ্শন বৰা, ডিব্ৰুগড় সাংস্কৃতিক বিষয়া গোলাপ টায়েং, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ সাংস্কৃতিক পৰিদৰ্শক তথা অনাতাঁৰ শিল্পী ভূৱন গগৈ, টাই ভাষাৰ সংগীতজ্ঞ গন্ধেশ্বৰ চমুৱা, বিশিষ্ট সমাজকৰ্মী তথা সংগঠক দীপক চাংমাই আৰু নৃত্য বিশাৰদ শেৱালী গগৈ উপস্থিত থাকে। উল্লেখযোগ্য যে, অসম চৰকাৰৰ গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ অংশ হিচাপে নৃত্যাংগন কলা কেন্দ্ৰই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ১৫ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰে। এই কৰ্মশালাত ‘মোৰ গীতৰ হেজাৰ শ্ৰোতা’ শীৰ্ষক নৃত্য-নাটিকা, বুৰঞ্জীমূলক ‘আজিও জেৰেঙাই ৰিঙীয়াই’ শীৰ্ষক নৃত্য-নাটিকা আৰু হাজং জনগোষ্ঠীৰ ‘জাখামাৰা’ লোকনৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।
সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে এই তিনিওটা প্ৰযোজনা মঞ্চস্থ কৰাৰ লগতে প্ৰশিক্ষাৰ্থী সকলে ৰাভা জনগোষ্ঠীৰ হামজাৰ নৃত্য, বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য আৰু টাই আহোম জনগোষ্ঠীৰ ছাতি নৃত্য পৰিৱেশন কৰি দৰ্শকৰ প্ৰশংসা লাভ কৰে। ইয়াৰ উপৰিও আৰ্হী চেতিয়াই কবি নৱকান্ত বৰুৱাৰ এটি কবিতা আবৃত্তি কৰি অনুষ্ঠানলৈ বিশেষ মাধুৰ্য কঢ়িয়াই আনে।
অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা, শিল্পী ড° চুমী ফুকন, লোকবাদ্য সাধক জিতেন দাস, ক্ৰীড়া সংগঠক অঞ্জন চেতিয়া, শিল্পী অনুপ শৰ্মা, দিগন্ত চেতিয়া, অৱন শৰ্মা, ৰাহুল গগৈ, নিবন্ধকাৰ সুমন দত্তকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তেওঁলোকে কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক অসম চৰকাৰৰ মানপত্ৰ প্ৰদান কৰে।
অনুষ্ঠানৰ অন্তত নৃত্যাংগন কলা কেন্দ্ৰৰ অধ্যক্ষা ৰুবী গগৈ সন্দিকৈয়ে ধন্যবাদ জ্ঞাপন কৰে। সামৰণিত উপস্থিত সকলো শিল্পী আৰু প্ৰশিক্ষাৰ্থী, অভিভাৱক অভিভাৱীকা একেলগে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি অনুষ্ঠানৰ সফল সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *