...

ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা চিকিৎসা সেৱা আৰু অত্যাৱশকীয় সামগ্ৰী প্ৰদান

ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা চিকিৎসা সেৱা আৰু অত্যাৱশকীয় সামগ্ৰী প্ৰদান

চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানাক্ৰান্ত অঞ্চলত

চাইন অন ডেস্ক,৩০জুলাই:

বানপীড়িত ৰাইজৰ স্বাস্থ্য সুৰক্ষা আৰু এই দুৰ্যোগৰ সময়ত তেওঁলোকৰ সহায়ৰ হাত আগবঢ়াৰ উদ্দেশ্যে ডিব্ৰুগড় যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ে চুবুৰীয়া জিলালৈ এটি চিকিৎসক আৰু স্বাস্থ্য কৰ্মী দল প্ৰেৰণ কৰে । ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বৰাৰ সৱল প্ৰচেষ্টাত ডিব্ৰুগড জিলাৰ বহুমুখী স্বাস্থ্যকৰ্মী (পুৰুষ) সংস্থা, ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড় যুটীয়া স্বাস্থ্য সঞ্চালক সেৱা আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগিতাত স্বাস্থ্যকৰ্মী দলটোৱে চৰাইদেউ জিলাৰ চুমনি, টেঙাপুখুৰী মৰাণ গাঁৱ বানপীড়িত লোকসকলৰ বাবে স্বাস্থ্য সেৱা আগবঢ়ায় । ডিব্ৰুগড় জিলাৰ নাহৰণি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ বিদ্যাৱতী সোনোৱালৰ নেতৃত্বত যোৱা জিলাখনৰ MPW (M) বহুমুখী স্বাস্থ্যকৰ্মী , ফাৰ্মাচিষ্ট, ভেকচিনেটৰে গঠিত স্বাস্থ্যকৰ্মী দলটোৱে প্ৰায় শতাধিক বানাক্ৰান্ত লোকক স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজনীয় ঔষধ প্ৰদান কৰে। এই স্বাস্থ্য বিভাগৰ দলটোৱে চৰাইদেউ জিলাৰ টেঙাপুখুৰীৰ চুমনি গাঁৱ,মৰাণ গাঁৱ ,পহুচুঙী গাঁৱ আৰু শিৱসাগৰ জিলাৰ অভয়পুৰ অঞ্চলৰ বানপীড়িত প্ৰায় ১৫০ টা পৰিয়ালক অত্যাৱশকীয় খাদ্য সামগ্ৰী , নিতৌ ব্যৱহৃত সামগ্ৰী ,বস্ত্ৰ , পশুধনৰ খাদ্য আদি প্ৰদান কৰি আৰ্তজনক সহায় কৰাৰ প্ৰয়াস কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *