...

ধুবুৰীত পাকিস্তানৰ এছবিএনৰ নেটৱৰ্কৰ ছাঁ?

ধুবুৰীত পাকিস্তানৰ এছবিএনৰ নেটৱৰ্কৰ ছাঁ?

সীমান্ত সুৰক্ষাক লৈ উদ্বেগ!

ধুবুৰী,২৭জুলাই:

পাকিস্তানৰ চোৰাংচোৱা সন্থা ইণ্টাৰ-চাৰ্ভিচেছ ইণ্টেলিজেন্স (আইএছআই)- মদতপুষ্ট বুলি অভিযুক্ত শ্বাহজাদ ভাট্টি নেটৱৰ্ক (SBN)-ৰ বিৰুদ্ধে অসম আৰক্ষীৰ এছটিএফে চলোৱা অভিযানত ধুবুৰীৰ এজন যুৱক গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ধুবুৰী জিলাৰ সুৰক্ষাক লৈ নতুন উদ্বেগৰ সৃষ্টি কৰিছে। দৰাচলতে, এসময়ত পাকিস্তান ভিত্তিক এজন গেংষ্টাৰ আছিল শাহজাদ ভাট্টি। সন্দেহ অনুসৰি, পাকিস্তানৰ চোৰাংচোৱা সন্থা আইএছআইৰ সহযোগত পিছলৈ ভাট্টী জন্ম দিয়ে এছবিএন নামৰ সন্ত্ৰাসবাদী নেটৱৰ্কৰ। ইয়াতে উল্লেখনীয় যে, বিগত কিছু বছৰৰ পৰা ভাৰতবিৰোধী আন্তঃসীমান্ত সন্ত্ৰাসবাদ, গুপ্তচৰবৃত্তি আৰু সংগঠিত অপৰাধ-জড়িত একাধিক তদন্তৰ অন্যতম মূল অভিযুক্ত হিচাপে উত্থাপিত হৈছে ভাট্টী নিয়ন্ত্ৰাধীন এছবিএন। শ্বাহজাদ ভাট্টিক কেন্দ্ৰ কৰি গঢ়ি উঠা ‘ট্ৰিপ’ল থ্ৰি’ (333) নামেৰে পৰিচিত ডিজিটেল নেটৱৰ্কটোৱে সময়ৰ লগে লগে সামাজিক মাধ্যম আৰু এনক্ৰিপ্টেড মেছেজিং প্লেটফৰ্মৰ জৰিয়তে যুৱক-যুৱতীৰে সংযোগ স্থাপন কৰিউগ্ৰপন্থাৰ প্ৰতি আকৰ্ষিত কৰা, তথ্য সংগ্ৰহ, গুপ্তচৰবৃত্তি, স্লীপাৰ চেল গঠন, অস্ত্ৰ সংগ্ৰহ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপত সহায় কৰাৰ দৰে কামত জড়িত। উল্লেখ্য যে, বিগত ২৪ জুলাইত এছটিএফ অসমৰ ০৬/২০২৬ৰ এক গোচৰৰ ভিত্তিত ধুবুৰী, চিৰাং আৰু বৰপেটাত একেলগে অভিযান চলাই ধুবুৰীৰ একৰামুল ইছলাম (২৬), চিৰাঙৰ আমিনুৰ ৰহমান (২২) আৰু বৰপেটাৰ আব্দুল হুছেইন (৫৪)ক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ধৃত একৰামুল ইছলাম নামৰ যুৱকজন ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ধৰ্মশালা গাঁও পঞ্চায়তৰ অন্তৰ্গত বেপাৰীপাৰাৰ বাসিন্দা। বিষয়টো লৈ ধুবুৰী আৰক্ষীয়ে মুখ খুলা নাই যদিও এক নিৰ্ভৰযোগ্য সূত্ৰই সদৰি কৰানুসৰি একৰামূলে কেৰালাত মৌলানা শিক্ষা লাভ কৰিছিল। ইপিনে, ধুবুৰীৰ দৰে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী স্পৰ্শকাতৰ জিলাত এছবিএনৰ সৈতে জড়িত ব্যক্তিৰ সন্ধান পোৱাটো অত্যন্ত উদ্বোগজনক ঘটনা বুলিয়েই কিন্তু বিবেচিত হৈছে। সমান্তৰালকৈ, এছটিএফৰ তদন্তত আগলৈ গৈ ধুবুৰীত এছবিএনৰ সৈতে অইন কোনো জড়িত থকাৰ বিষয়টো উন্মোচিত হোৱাৰ সম্ভাবনাক লৈও আশংকা ব্যক্ত কৰা পোৱা গৈছে ভূ-ৰখা একাংশই।

Leave a Reply

Your email address will not be published. Required fields are marked *