ডিব্ৰুগড়ত শ্ৰীমদ্ভাগৱত সপ্তাহ
জ্ঞানযজ্ঞৰ শুভাৰম্ভ, কলশ যাত্ৰা আৰম্ভ
চাইন অন ডেস্ক,২৯মে’:
পুৰুষোত্তম মাহৰ পৱিত্ৰ উপলক্ষে ডিব্ৰুগড় চহৰৰ কাৰ্তিকপাড়াস্থ লোহিয়া নিবাস প্ৰাঙ্গণত বৃহস্পতিবাৰৰ পৰা সাতদিনীয়া শ্ৰীমদ্ভাগৱত সপ্তাহ জ্ঞানযজ্ঞৰ ভব্য আয়োজন আৰম্ভ কৰা হয়। এই উপলক্ষে চহৰৰ ৰাধাকৃষ্ণ মন্দিৰৰ পৰা এক বৰ্ণাঢ্য কলশ যাত্ৰা উলিওৱা হয়।
কলশ যাত্ৰাত বহু সংখ্যক মহিলা-পুৰুষে অংশগ্ৰহণ কৰে। ভক্তিমূলক পৰিৱেশৰ মাজেৰে যাত্ৰাখন চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰি কাৰ্তিকপাড়াস্থ অনুষ্ঠানস্থলীত উপস্থিত হয়। সমগ্ৰ অঞ্চলত আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হোৱা দেখা যায়।এই সাতদিনীয়া ধৰ্মীয় অনুষ্ঠানত 
অনুষ্ঠানৰ মুখ্য যজমান প্ৰকাশ লোহিয়াই কয় যে, সনাতন ধৰ্মত পুৰুষোত্তম মাহ অত্যন্ত পুণ্যদায়ক হিচাপে গণ্য কৰা হয় আৰু এই সময়ত শ্ৰীমদ্ভাগৱত কথাশ্ৰৱণ বিশেষ ফলপ্ৰদ। তেওঁ অঞ্চলটোৰ সকলো ধৰ্মপ্ৰাণ লোকক অনুষ্ঠানত অংশগ্ৰহণ কৰি আধ্যাত্মিক লাভ গ্ৰহণ কৰাৰ আহ্বান জনায়।
আয়োজকসকলৰ তথ্য অনুসৰি, প্ৰতিদিনে দুপৰীয়া ৩ বজাৰ পৰা ধৰ্মীয় অনুষ্্ঠান আৰু সন্ধিয়া ভাগৱত কথাপ্ৰবচনৰ আয়োজন কৰা হ’ব। লগতে ভক্তসকলৰ সুবিধাৰ্থে বিশেষ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।এই ভক্তিৰসেৰে ভৰা ধৰ্মীয় অনুষ্ঠানক লৈ চহৰখনৰ ধৰ্মপ্ৰাণ লোকসকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে।
