...

বৰবৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সেৱা সংকল্প অভিযানৰ শিবিৰ অনুষ্ঠিত

বৰবৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সেৱা সংকল্প অভিযানৰ শিবিৰ অনুষ্ঠিত

চাইন অন ডেস্ক,৭অক্টোবৰ:

জনসাধাৰণৰ দুৱাৰডলিলৈ চৰকাৰী সেৱা আৰু বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সুবিধা অধিক সহজে আৰু ফলপ্ৰসূভাৱে উপলব্ধ কৰাৰ উদ্দেশ্যে কালি খোৱাং আৰু ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সেৱা সংকল্প অভিযানৰ অধীনত এটি বিশেষ শিবিৰ অনুষ্ঠিত হয়। শিবিৰটোত মুঠ ২,৫৯৯টা পঞ্জীয়ন সম্পন্ন হোৱাৰ লগতে প্ৰায় ২,৫০০গৰাকী নাগৰিকে অংশগ্ৰহণ কৰে।অনুষ্ঠানটোত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন আৰু খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ উপস্থিত থাকে।আনহাতেদি অনুষ্ঠানটোত ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীও বিশেষভাবে উপস্থিত থাকে।এই অভিযানৰ অংশ হিচাপে অনুষ্ঠিত শিবিৰটোত বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰি জনসাধাৰণক বিভিন্ন চৰকাৰী আঁচনি আৰু সেৱাৰ বিষয়ে তথ্য প্ৰদান কৰাৰ লগতে আবেদন দাখিল, নথি-পত্ৰ সম্পৰ্কীয় সহায় আৰু অন্যান্য প্ৰয়োজনীয় সেৱা আগবঢ়ায়।শিবিৰটোত অৰুণোদয়, ৰাজহ বিভাগৰ বিভিন্ন সেৱা, স্বাস্থ্য সেৱা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, কিষাণ ক্ৰেডিট কাৰ্ড, মনৰেগা (MGNREGA), সেৱা সেতু, প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ, নিজুত মইনা, জন্ম আৰু মৃত্যু পঞ্জীয়ন তথা প্ৰমাণপত্ৰ, নতুন ৰেচন কাৰ্ড আৰু পি এম স্বনিধি (PM SVANidhi) আদি বিভিন্ন চৰকাৰী আঁচনি আৰু সেৱাৰ সুবিধা প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *