ডিব্ৰুগড়ত ৫০ লাখ টকাৰ বৃহৎ চাইবাৰ প্ৰৱঞ্চনা
কেৰালাৰ পৰা দুজনক গ্ৰেপ্তাৰ
পোহৰলৈ আহিল প্ৰৱঞ্চকৰ নতুন আৰু বিপজ্জনক কৌশল
চাইন অন ডেস্ক,২২ছেপ্তেম্বৰঃ
সাৱধান ! যিকোনো মুহূৰ্ততে আপোনাৰ বেংকৰ সাঁচতীয়া ধন নোহোৱা হৈ যাব পাৰে।মবাইলত এটা অটিপি টিপি দিয়া বা লিংক খুলি দিয়াৰ পিছতেই লাখ লাখ টকা অদৃশ্য ব্যক্তিলৈ স্থানান্তৰ হব পাৰে।দেশৰ লগতে
ৰাজ্যত সঘনাই বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা৷ প্ৰৱঞ্চনাৰে জালত পেলাই সৰকাই নিছে কোটি কোটি টকা৷ ডিব্ৰুগড়ত সংঘটিত এক চাঞ্চল্যকৰ তথা বৃহৎ চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনাৰ মূল মাষ্টাৰমাইণ্ডক বিচাৰি ডিব্ৰুগড় আৰক্ষীয়ে চলোৱা এক সফল অভিযানত কেৰালাৰ পৰা দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা ১০ আগষ্টত ডিব্ৰুগড়ত সংঘটিত এই প্ৰৱঞ্চনাৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখি ডিব্ৰুগড় আৰক্ষীৰ তিনিজনীয়া এটা বিশেষ দল কেৰালাত উপস্থিত হয় আৰু স্থানীয় আৰক্ষীৰ সহযোগিতাত মালাপ্পুৰমৰ পৰা ছুহাইল পাল্লি আৰু আজহাৰউদ্দিন পি নামৰ যুৱক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা মতে, ধৃত দুজন লোক প্ৰৱঞ্চনা চক্ৰটোৰ মূল হেকাৰ নহ’লেও তেওঁলোকৰ বেংক একাউণ্টসমূহ এই প্ৰৱঞ্চনাৰ ধন সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযুক্ত দুজনক ট্ৰেনজিট ৰিমাণ্ডত ডিব্ৰুগড়লৈ লৈ আহি অধিক জেৰা অব্যাহত ৰাখিছে। তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি, ডিব্ৰুগড়ৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বেংক একাউণ্টক লক্ষ্য কৰি এই অপৰাধ সংঘটিত কৰা হৈছিল। প্ৰৱঞ্চকসকলে হোৱাটছএপৰ জৰিয়তে ভুক্তভোগীৰ সৈতে যোগাযোগ স্থাপন কৰি অতি কৌশলেৰে পৃথক পৃথক লেনদেনৰ জৰিয়তে প্ৰায় ৫০ লাখ আৰু অতিৰিক্তভাৱে ২০ লাখ টকাকৈ মুঠ এক বিশাল পৰিমাণৰ ধন
সৰকাই লৈ যায়। এই সমগ্ৰ প্ৰক্ৰিয়াত এটা অ’টিপি ব্যৱহাৰ হোৱা বুলিও তদন্তত স্পষ্ট হৈছে। আৰক্ষীৰ সন্দেহ মতে, সৰকাই নিয়া এই ধন তাৎক্ষণিকভাৱে কোনো বিদেশী মুদ্ৰালৈ ৰূপান্তৰ কৰাৰ বা বিদেশলৈ সৰবৰাহ কৰাৰ চেষ্টা চলোৱা হৈছিল, য’ত ধনৰ গতিপথ অনুসৰণ কৰি উদ্ধাৰ কৰাৰ ক্ষেত্ৰত তদন্তকাৰী দলৰ বাবে যথেষ্ট জটিলতাৰ সৃষ্টি হৈছে। এই ঘটনাৰ তদন্তৰ মাজতে চাইবাৰ অপৰাধীৰ এক সম্পূৰ্ণ নতুন আৰু অতি কৌশলী পদ্ধতি পোহৰলৈ আহিছে৷ বৰ্তমান প্ৰৱঞ্চকসকলে কেৱল সৰলভাৱে অ’টিপি, পিন বা পাছৱৰ্ড বিচাৰিয়েই ক্ষান্ত নাথাকে; বৰং তেওঁলোকে ই-মেইল, হোৱাটছএপ বা অন্যান্য মাধ্যমৰ জৰিয়তে ‘অডিট ৰিপ’ৰ্ট’, ‘একাউণ্ট ষ্টেটমেণ্ট’ বা ‘ফাইনেন্সিয়েল ৰিপ’ৰ্ট’ বুলি উল্লেখ কৰি বিভিন্ন অজ্ঞাত ZIP ফাইল বা সংলগ্ন নথিপত্ৰ প্ৰেৰণ কৰে। ভুক্তভোগীয়ে অচিনাকি উৎসৰ পৰা অহা এইধৰণৰ ফাইলসমূহ খোলাৰ লগে লগে ডিভাইচত থকা গুৰুত্বপূৰ্ণ তথা ব্যক্তিগত তথ্যসমূহ প্ৰৱঞ্চকৰ নিয়ন্ত্ৰণলৈ গুচি যায়। ইয়াৰ পিছত প্ৰৱঞ্চকসকলে ভুক্তভোগী আৰু তেওঁলোকৰ সহযোগীসকলক লৈ এটা ভুৱা হোৱাটছএপ গ্ৰুপ সৃষ্টি কৰে আৰু কোনো প্ৰতিষ্ঠানৰ উচ্চপদস্থ বিষয়া বা কৰ্মচাৰী হিচাপে পৰিচয় দি গ্ৰাহক বা ব্যৱসায়ীসকলৰ মনত ভুৱা বিশ্বাসযোগ্যতা গঢ়ি তুলি এই প্ৰৱঞ্চনা সংঘটিত কৰে। এই ক্রমবর্ধমান চাইবাৰ অপৰাধৰ প্ৰতি লক্ষ্য ৰহি ডিব্ৰুগড় আৰক্ষীয়ে সাধাৰণ
জনতাৰ সুৰক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ সজাগতামূলক পৰামৰ্শ জাৰি কৰিছে৷ বিশেষকৈ কোনো পৰিস্থিতিতেই অজ্ঞাত বা সন্দেহজনক ZIP ফাইল বা সংলগ্ন নথিপত্ৰ ভালদৰে পৰীক্ষা নকৰাকৈ মুকলি নকৰিব৷ তদুপৰি অচিনাকি বা সন্দেহজনক উৎসৰ পৰা কোনো APK বা মোবাইল এপ্লিকেচন ইনষ্টল কৰাৰ পৰা বিৰত থাকক আৰু নিজৰ বেংক একাউণ্টৰ পাছৱৰ্ড, PIN, OTP বা অন্যান্য গোপনীয় বেংকিং তথ্য ক’তো, কাৰো সৈতে শ্বেয়াৰ নকৰিব। যদি কাৰোবাৰ বেংক একাউণ্টৰ পৰা কোনো ধৰণৰ অনধিকৃত লেনদেন হোৱা বুলি সন্দেহ হয়, তেন্তে এক মুহূর্তও বিলম্ব নকৰি তৎক্ষণাৎ ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ হেল্পলাইন নম্বৰ ১৯৩০-ত যোগাযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰোপৰি (National Cyber Crime Reporting Portal)(https://cybercrime.gov.in)-ত অনলাইনযোগে অভিযোগ দাখিল কৰি লেনদেনৰ UTR বা ট্ৰেনজেকচন ৰেফাৰেন্স নম্বৰ, তাৰিখ, সময় আৰু অন্যান্য প্ৰাসংগিক তথ্যসমূহ সুৰক্ষিতভাৱে সংৰক্ষণ কৰি ৰখা অতি জৰুৰী। বৰ্তমান এই সমগ্ৰ চাইবাৰ প্ৰৱঞ্চনা চক্ৰটোৰ বাকী সদস্য তথা মূল হেকাৰসকলৰ সন্ধানত ডিব্ৰুগড় আৰক্ষীৰ অভিযান আৰু তদন্ত অব্যাহত আছে।