দীৰ্ঘদিন ধৰি ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটিৰ লগত জড়িত হৈ থাকি সমাজলৈ অনবদ্য অৱদান আগবঢ়োৱা ছ’চাইটিৰ তিনিচুকীয়া জিলা আৰু মাৰ্ঘেৰিটা শাখাৰ সম্পাদক পবিত্ৰ বৰগোহাঞিলৈ সমাজকৰ্মী বঁটা আগবঢ়োৱা হয়। বঁটা প্ৰদান কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। আজি তিনিচুকীয়া মহাবিদ্যালয়ত অনুষ্ঠিত নিচা মুক্ত ভাৰত সংকল্প পদযাত্ৰাৰ এক সভাত ৰাজ্যপাল সহিতে বহু গণ্য মান্য ব্যক্তি উপস্থিত আছিল। সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলী, প্ৰাক্তন মন্ত্ৰী তথা মাকুম বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কৃষাণ, তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক পুলক গোহাঁই, জিলা আয়ুক্ত সুমিত ছাত্তাৱন, জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ং সিং, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া উপস্থিত থাকে। উল্লেখ্য যে পবিত্ৰ বৰগোহাঞি ৰেড ক্ৰছ ছ’চাইটিৰ উপৰি অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা শাখাৰ সভাপতিৰ লগতে বিভিন্ন সামাজিক সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত দীৰ্ঘদিন জড়িত হৈ থাকি সমাজলৈ সেৱা আগবঢ়ায় যোৱাৰ উপৰি বৰগোহাঞিৰ সম্পাদনাত প্ৰায় ৭০ খনৰো অধিক স্মৃতি গ্ৰন্থ প্ৰকাশ পাইছে। বৰগোহাঞি এগৰাকী সু-লেখক হোৱাৰ উপৰি সুধাকণ্ঠ স্মৃতি সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.