ডিব্ৰুগড়ত ব্যৱসায়িক প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড
চাইন অন ডেস্ক,২২ছেপ্তেম্বৰ:
ডিব্ৰুগড়ত ব্যৱসায়িক প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড।
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপত আজি সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা।
সন্ধিয়া চুইটচ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ড।
প্ৰাথমিক তথ্য অনুসৰি, চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।
অগ্নিকাণ্ডৰ ফলত প্ৰতিষ্ঠানখনৰ লগতে কাষতে থকা আন চাৰিখন দোকানতো জুই বিয়পি পৰে।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ।
অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হয়।
অগ্নিকাণ্ডত কোনো লোক হতাহত হৈছে নে নাই, সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই।