ডিব্ৰুগড়ত এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অসম চিকিৎসা মহাবিদ্যালয়ত গ্ৰাহাম বজাৰৰ উদিতা ৰজক নামৰ ছাত্ৰীগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰিছে পৰিয়ালে৷ পথ দূৰ্ঘটনা বুলি দাবী কৰিলেও ছাত্ৰীগৰাকীৰ মৃত্যুক সাধাৰণ পথ দূৰ্ঘটনা নহয়, বৰং এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে উদিতা পৰিয়ালে৷ জানিব পৰামতে, সোমবাৰে সন্ধিয়া উদিতা ৰজক নামৰ ছাত্ৰীগৰাকী এগৰাকী বন্ধু আৰু এগৰাকী বান্ধৱীৰ সৈতে একেখন মটৰচাইকেলত ঘৰৰ পৰা ফুৰিবলৈ ওলাই গৈছিল। ইয়াৰ কিছু সময়ৰ পিছতে নিশাৰ ভাগত পৰিয়ালে অসম চিকিৎসা মহাবিদ্যালয়ত ছাত্ৰীগৰাকী মৃত অৱস্থাত উদ্ধাৰ কৰে। এই আকস্মিক খবৰে পৰিয়ালটোৰ মূৰত বজ্রাঘাত পেলায়। ছাত্ৰীগৰাকীৰ সৈতে বাইকত থকা যুৱকজনে দাবী কৰা মতে, বকপাৰা অঞ্চলত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাৰ ফলত ছাত্ৰীগৰাকী থিতাতে নিহত হয়। কিন্তু এই দাবী নাকচ কৰি মৃত ছাত্ৰীগৰাকীৰ পৰিয়ালে গভীৰ সন্দেহ প্ৰকাশ কৰিছে। পৰিয়ালৰ অভিযোগ অনুসৰি—যদি সেয়া ভয়াৱহ পথ দুৰ্ঘটনা আছিল, তেন্তে মটৰচাইকেলখনত থকা আন দুজন আৰোহীৰ গাত কোনো ধৰণৰ আঘাতৰ চিন নাই কিয়? দুৰ্ঘটনা বুলি কোৱা হৈছে যদিও ছাত্ৰীগৰাকীৰ শৰীৰত তেনে কোনো স্পষ্ট বা মাৰাত্মক আঘাতৰ চিন পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰা নাই। আনহাতে এই ৰহস্যজনক মৃত্যুক লৈ স্বাভাৱিকতে এক ধুঁৱলী-কুঁৱলী অৱস্থাৰ সৃষ্টি হৈছে। ছাত্ৰীগৰাকীৰ আকস্মিক মৃত্যুৰ প্ৰকৃত সত্য পোহৰলৈ অনাৰ দাবীৰে পৰিয়ালৰ লোকে ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীৰ কাষ চাপিছে আৰু এক এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়েও ঘটনাটো গুৰুত্বসহকাৰে লৈ ইতিমধ্যে এক বিস্তৃত তদন্ত আৰম্ভ কৰিছে। ছাত্ৰীগৰাকীৰ মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু লগত থকা যুৱক-যুৱতী দুজনক সোধাপোছাৰ জৰিয়তেহে এই ঘটনাৰ আচল ৰহস্য উন্মোচিত হ’ব বুলি আৰক্ষীয়ে আশা প্ৰকাশ কৰিছে। উল্লেখ্য যে, এ এছ ০৬ এ এল ৪০২৫ নম্বৰৰ বাইকখনত কৰণ হৰিজন নামৰ যুৱকজনৰ সৈতে গৈছিল উদিতা ৰজক৷ কালি সন্ধিয়া প্ৰায় ৭ বজাত বকুল পেট্ৰল পাম্পৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনে খুন্দিয়াই থৈ যোৱা বুলি জানিব পৰা গৈছে৷
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.