...

ডিব্ৰুগড়ত নিচামুক্ত ভাৰত অভিযানৰ উপলক্ষে পদযাত্ৰাত অংশগ্ৰহণ ৰাজ্যপাল আচাৰ্যৰ

ডিব্ৰুগড়ত নিচামুক্ত ভাৰত অভিযানৰ উপলক্ষে পদযাত্ৰাত অংশগ্ৰহণ ৰাজ্যপাল আচাৰ্যৰ

চাইন অন ডেস্ক,২১ ছেপ্তেম্বৰঃ

নিচামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আজি ডিব্ৰুগড়ত এক সজাগতামূলক পদযাত্ৰা ৰূপায়ন কৰা হয়৷ ডিব্ৰুগড় জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহৰ পৰা বাহিৰ হোৱা পদযাত্ৰা চৌকিডিঙ্গী খেলপথাৰত সমাপন কৰা হয়৷ প্ৰায় দুই সহস্ৰাধিক শিক্ষাৰ্থী তথা বিভিন্ন আত্মসহায়ক গোটৰ মহিলাসকলক লৈ ৰূপায়ন কৰা পদযাত্ৰাত অংশগ্ৰহণ কৰে ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই৷ ইয়াৰ পূৰ্বে জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত এখনি সজাগতা সভা অনুষ্ঠিত হয়৷ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে আঁদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ৰাজ্যপাল আচাৰ্যই কয় যে, নিচা কেৱল এজন ব্যক্তিৰ সমস্যা নহয়, ই পৰিয়াল আৰু সমাজখনক ধ্বংস কৰে। এই যুঁজখন চৰকাৰ, শিক্ষানুষ্ঠান, যুৱ সংগঠন, সম্প্ৰদায় আৰু নাগৰিক সকলোৰে সামূহিক প্ৰচেষ্টাৰেহে জিকিব পৰা যাব। যুৱক-যুৱতীসকলক নিচাৰ পৰা আঁতৰি থাকি সময় আৰু শক্তি শিক্ষা, খেলা-ধূলা, যোগ, সংস্কৃতি, দক্ষতা বিকাশ আৰু সমাজ সেৱাত লগাবলৈ আহ্বান জনাইছে। এই অভিযানক কেৱল অনুষ্ঠানৰ মঞ্চতে সীমাবদ্ধ নাৰাখি গাঁৱে-ভূঞে, চুবুৰীয়ে-চুবুৰীয়ে, স্কুল-কলেজ আৰু পৰিয়ালে পৰিয়ালে লৈ যাবলৈ আহ্বান জনাইছে ৰাজ্যপাল আচাৰ্যই৷ একেটা অনুষ্ঠানত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে নিচামুক্ত কেন্দ্ৰসমূহত চলি থকা কাম-কাজসমূহ নিৰীক্ষণ কৰিবলৈ আহ্বান জনাই কয়, ড্ৰাগছ ব্যৱসায়ীসকলক আৰক্ষীয়ে যদিও গ্ৰেপ্তাৰ কৰে, কিন্তু কম দিনৰ ভিতৰত মুকলি হৈ আহে৷ তেওঁলোকৰ শাস্তি কমেও দহ বছৰ হ’ব লাগে৷ তাৰ বাবে অসমত কঠোৰ আইন হ’ব লাগে বুলি তাৎপৰ্যপূর্ণ মন্তব্য কৰিছে মন্ত্ৰী তেলীয়ে৷ উল্লেখ্য যে, ৰাজ্যপাল লক্ষ্ণপ্ৰসাদ আচাৰ্যৰ নেতৃত্বত ৰাজ্যৰ ১০ জিলাত ৰূপায়ন কৰিছে নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা ৷ ১৭ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা এই কাৰ্যসূচী অহা ২ অক্টোবৰলৈ অব্যাহত থাকিব৷ আজি ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা কাৰ্যসূচীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা, ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালা, বিধায়ক চক্ৰধৰ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, মেয়ৰ ডাঃ সৈকত পাত্ৰ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ উপস্থিত থাকে৷ আনহাতে এই অনুষ্ঠানত নিচামুক্ত ভাৰত গঢ়াৰ স্বাৰ্থত জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে সংকল্প পত্ৰ পাঠ কৰোৱা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *