...

এছিয়ান গেমছৰ শ্ৰুটিঙত ভাৰতৰ দুটা ৰূপৰ পদক অর্জন

এছিয়ান গেমছৰ শ্ৰুটিঙত ভাৰতৰ দুটা ৰূপৰ পদক অর্জন

আইচি-নাগোয়া,২১ ছেপ্টেম্বৰঃ

শ্বুটিঙৰ জৰিয়তে ভাৰতে আইচি-নাগোয়া এছিয়ান গেমছৰ পদক জয়ৰ যাত্ৰা আৰম্ভ কৰিছে। মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ দলীয় ইভেন্টৰ উপৰি এলাভেনিল ভালাৰিভানৰ জৰিয়তে পদক জয় কৰে। অৱশ্যে দখল কৰা দুয়োটা পদকেই ৰূপৰ পদক। দলীয় ইভেন্টৰ ফাইনেলত চাৰি দেশৰ খেলুৱৈৰ কঠিন যুঁজৰ অন্তত ভাৰতে ৰূপৰ পদক দখল কৰে। সোনম মাস্কাৰ, ভালাৰিভান আৰু বিদার্শা বিনোদ কেৰ দ্বাৰা গঠিত ভাৰতীয় দলটোৱে মুঠ ১৮৯৮ পইন্ট সংগ্ৰহ কৰি দ্বিতীয় স্থানত থাকে। আয়োজক জাপানৰ সৈতে দ্বিতীয় স্থানৰ যুঁজত কঠিন প্রতিদ্বন্দ্বিতা দেখিবলৈ পোৱা যায় ভাৰতীয় স্কুটাৰৰ। জাপানৰ দলটোৱে ১৮৯৭.১ পইন্টেৰে তৃতীয় স্থান দখল কৰি ব্ৰঞ্জৰ পদক লাভকৰে। এই ইভেন্টত ১৯০৪.২ পইন্টেৰে সোণৰ

পদকৰ গৰাকী হয় চীন। আনহাতে দক্ষিণ কোৰিয়াই ১৮৯৫.৮ পইন্ট লাভ কৰি চতুৰ্থ স্থান দখল কৰে। দলীয় ইভেন্টৰ পিচত ভালাৰিভানে ব্যক্তিগত শাখাতো ৰূপৰ পদক লাভ কৰে। তেওঁ ২৫২.৪ পইন্টেৰে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।

জাপানৰ হিনাটা টাইচি (২৫৩)য়ে সোণ আৰু দক্ষিণ কোৰিয়াৰ বেন হিঅ’জিনে (২৩০.৪) ব্ৰঞ্জৰ পদক লাভ কৰে। ব্যক্তিগত শাখাত ভাৰতৰ সোনম মাস্কাৰে ফাইনেলত প্রৱেশ কৰিছিল যদিও ১৬৭ পইন্টেৰে ষষ্ঠ স্থান লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *