শেফালী বাৰ্মাৰ বিস্ফোৰক শতক
বাংলাদেশক হৰুৱাই ফাইনেলত ভাৰত
আইচি-নাগোয়া,২১ ছেপ্টেম্বৰঃ
এছিয়ান গেমছত মহিলা ক্রিকেটৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। কালি দ্বিতীয়খন ছেমি ফাইনেলত বাংলাদেশক ১১৪ ৰানৰ বৃহৎ ব্যৱধানত হৰুৱাই ৰূপৰ পদক নিশ্চিত কৰে হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় 
৪৯ টা বলত ১০০ ৰান কৰি অপৰাজিত হৈ থাকে। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমটো শতক অর্জন কৰা শেফালীয়ে তিনিটা বাউণ্ডেৰী আৰু ৯ টা ছিক্সাৰ কোবায়। তেওঁৰ উপৰি হৰমনপ্রীতে ৪০ আৰু স্মৃতি মান্ধানাই ৩৭ ৰানৰ বৰঙণি যোগায়। প্রত্যুত্তৰত বেটিং ব্যৰ্থতাৰ সন্মুখীন হৈ বাংলাদেশে ১৫.৪ অভাৰত মাত্র ৮১ ৰানতে ইনিংছ সামৰে। দিলাৰা আখতাৰ
(২৭)ৰ বাহিৰে বাকীসকল সম্পূৰ্ণৰূপে ব্যর্থ। ভাৰতৰ নন্দিনী শর্মা আৰু দীপ্তি শর্মাই তিনিটাকৈ তথা শ্রীচৰণীয়ে দুটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে প্ৰথমখন ছেমিত পাকিস্তানক ৮ উইকেটত পৰাস্ত কৰে শ্ৰীলংকাই। পাকিস্তানে প্রথমে বেটিং কৰি চাৰিটা উইকেট হেৰুৱাই ১৭৭ ৰান কৰাৰ প্ৰত্যুত্তৰত শ্রীলংকাই ১৭.৫ অভাৰত দুটা উইকেট হেৰুৱাই জয়ী হয়।