...

২৭ ছেপ্টেম্বৰৰ প্ৰতিবাদৰ পূৰ্বে ইমৰান খানৰ ভগ্নীক গ্ৰেপ্তাৰ

২৭ ছেপ্টেম্বৰৰ প্ৰতিবাদৰ পূৰ্বে ইমৰান খানৰ ভগ্নীক গ্ৰেপ্তাৰ

মুক্তিৰ দাবীত পি টি আইৰ আন্দোলন:চৰকাৰৰ সতৰ্কতা

লাহোৰ,২১ছেপ্টেম্বৰঃ 

২০২৩ চনৰ আগষ্টৰ পৰা কাৰাবন্দী হৈ থকা পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্রী ইমৰান খানৰ ভগ্নী আলীমা খানক লাহোৰৰ বাসগৃহৰ পৰা কালি দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ককায়েকৰ মুক্তিৰ দাবীত প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ দল পিটি আয়ে অহা ২৭ ছেপ্টেম্বৰত দেশজুৰি কৰিবলগীয়া আন্দোলনত অংশগ্রহণ কৰাৰ কথা আছিল আলীমা খানৰ। প্ৰস্তাৱিত প্রতিবাদী কাৰ্যসূচীৰ পূৰ্বে ইমৰান খানৰ দলৰ চাৰিগৰাকী নেতাকো ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। দেশজুৰি হ’বলগীয়া পি টি আইৰ আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে। স্মর্তব্য যে যোৱা ১৮ আগষ্টত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ইমৰান খানক ব্যক্তিগত খণ্ডৰ হাস্পতালত ভর্তি কৰোৱাৰ নিৰ্দেশ দিছিল। কিন্তু চৰকাৰে তাৰ বিপৰীতে তেওঁক চৰকাৰী হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰাই পুনৰ আদিয়ালা জে’ললৈ ঘূৰাই পঠাইছে। কালি প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পুনৰ স্বাস্থ্য জে’লৰ ভিতৰতে কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *