চাহ কোম্পানী সমূহৰ প্ৰতিনিধি আৰু অসম চাহ মজদুৰ সংঘৰ নেতৃবৃন্দৰ সৈতে আলোচনা
২০% বোনাচ চুক্তিত স্বাক্ষৰ
চাইন অন ডেস্ক,২১ছেপ্তেম্বৰ:
বিগত বর্ষ সমূহৰ দৰে এই ‘২৬ বৰ্ষত অসমৰ চাহ বাগিচাৰ শ্ৰমিক ৰাইজলৈ শাৰদীয় দুর্গোৎসৱৰ তিনি সপ্তাহ পূর্বে সর্বোচ্চ হাৰত বোনাচ আদায় দিবলৈ অসম চাহ মজদুৰ সংঘৰ তৰফৰ পৰা পত্র নং. এ/৩/২০২৬/১৬২-২৩ তাং ২৫-০৮-২০২৬ মর্মে চাহ বাগিচা মালিক সন্থা সমূহলৈ দাবী জনোৱা হৈছিল। সংঘৰ দাবীৰ পৰিপ্ৰেক্ষিত ২১ ছেপ্তেম্বৰলৈ চাহ কোম্পানী সমূহৰ প্ৰতিনিধি আৰু অসম চাহ মজদুৰ সংঘৰ নেতৃবৃন্দৰ সৈতে হোৱা আলোচনা মর্মে ২০% বোনাচ চুক্তি স্বাক্ষৰ কৰে বুলি অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক, বিধায়ক ৰূপেশ গোৱালাই এক বিবৃতিযোগে জনাই উল্লেখ কৰেে যে বহুজাতিক কোম্পানী সমূহৰ ভিতৰত সৰ্বাধিক
৩১খন চাহ বাগিচা থকা মেকলয়ড ৰাছেল কোম্পানী লিমিটেড, ২১ খন চাহ বাগিচা থকা এ পি পি এল (টাটা), ১৪ খন চাহ বাগিচা থকা গুডৰিক গ্রুপ, ১৪ খন চাহ বাগিচা থকা এম কে শ্বাহ এস্কপর্ট লিমিটেড, ১৩ খন চাহ বাগিচা থকা লক্ষ্মী টি কোম্পানী লিমিটেড, ৯ খন চাহ বাগিচা থকা ধনশ্রী চাহ কোম্পানী, ৬ খন চাহ বাগিচা থকা গিলিণ্ডাৰ্ছ কোম্পানী লিঃ, ৭ খন চাহ বাগিচা থকা ৰছেল টি ইণ্ডিয়া লিমিটেড, ৪ খনকৈ চাহ বাগিচা থকা ক্রমে যোৰহাট টি কোঃ লি, শ্রী বাসুপ্রদা কোম্পানী, মধুটিং চাহ কোম্পানী, ৬খন চাহ বাগিচা থকা এম কে জকাই, ২ খন চাহ বাগিচা থকা এছিয়ান গ্রুপ চাহ কোম্পানী আদি। আনহাতে কেন্দ্রীয় সংঘৰ অন্তৰ্গত থকা শাখা সংঘ সমূহে স্থানীয়ভারে ব্যক্তিগত মালিকানাধীন অধীকাংশ চাহ বাগিচাত সর্বোচ্চ ২০% হাৰৰ বোনাচ প্ৰদানৰ চুক্তি স্বাক্ষৰ কৰিছে। সেই
সমূহৰ ভিতৰত কলনী চাহ বাগিচা, ঔফলীয়া চাহ বাগিচা, মেঘা চাহ বাগিচা, কৃষ্ণ বিহাৰী চাহ বাগিচা, বজালনী চাহ বাগিচা, বাদুলীপাৰা চাহ বাগিচা, বোকাখাত চাহ বাগিচা, হোলোংগুৰী চাহ বাগিচা আদি। উল্লেখনীয় যে দুই এটা কোম্পানীয়ে এই বছৰৰ বোনাচ দুটা কিষ্টিত প্ৰদান কৰাৰ সন্মত্তি প্ৰকাশ কৰিছে বুলি সাধাৰণ সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে। দুই এদিনৰ ভিতৰতে বাকী থকা কোম্পানী বিলাকৰ লগতো বোনাচ চুক্তি স্বাক্ষৰ কৰিব পৰা যাব বুলি তেখেতে আশা প্রকাশ কৰাৰ লগতে সংঘৰ দাবী মর্মে পুজাৰ পূৰ্বে সকলো বাগিচা শ্রমিকলৈ যাতে সর্বোচ্চ হাৰৰ বোনাচ আদায় দিব পাৰে তাৰ বাবে আগবাঢ়ি আহি চুক্তি স্বাক্ষৰ কৰাৰ যাৱতীয় ব্যৱস্থা লবলৈ তেখেতে আহ্বান জনাইছে।