অসম সাহিত্য সভাৰ দুলীয়াজান অধিৱেশনৰ ডিব্ৰুগড় উপ- সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক
চাইন অন ডেস্ক,২২ ছেপ্টেম্বৰ:

সভাত অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক তথা বিশিষ্ট চিকিৎসক ডাঃ শান্তনু লহকৰে উপস্থিত থাকি নিজৰ অভিজ্ঞতাৰ আধাৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।
সভাত অসম সাহিত্য সভাৰ যুৱ সংসদৰ আহ্বায়ক, দুলীয়াজান অধিৱেশনৰ আদৰণী সমিতিৰ মুখ্য সমন্বয়ক তথা ডিব্ৰুগড় সমিতিৰ তত্ত্বাৱধায়ক গৌতম গগৈয়ে অধিৱেশনখনক লৈ আদৰণী সমিতিয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ আৰু পৰিকল্পনাৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে। লগতে দুলীয়াজান অধিৱেশনখন সফল কৰি তুলিবলৈ ডিব্ৰুগড় সমিতিয়ে কেনেদৰে সহায়-সহযোগিতা আগবঢ়াব লাগিব, সেই সন্দৰ্ভতো তেওঁ বক্তব্য আগবঢ়ায়।
গৌতম গগৈয়ে কয় যে অধিৱেশনৰ প্ৰস্তুতিৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰি আদৰণী সমিতিয়ে আগন্তুক কাম-কাজৰ পৰিকল্পনা আগবঢ়াইছে। সেই পৰ্যবেক্ষণৰ ভিত্তিত ডিব্ৰুগড় সমিতিয়ে নিজ নিজ দায়িত্ব আৰু কাম-কাজৰ বাবে প্ৰয়োজনীয় বাজেট প্ৰস্তুত কৰি অতিশীঘ্ৰে আদৰণী সমিতিৰ হাতত দাখিল কৰিব লাগে। ইয়াৰ লগতে অসম সাহিত্য সভাৰ বিভিন্ন কাৰ্যসূচীত ডিব্ৰুগড় সমিতিয়ে কেনেধৰণে অংশগ্ৰহণ কৰিব আৰু আগন্তুক দিনত কি কি কাৰ্যপন্থা গ্ৰহণ কৰিব, সেই বিষয়ে পৰিকল্পনা প্ৰস্তুত কৰি আদৰণী সমিতিক অৱগত কৰিবলৈ তেওঁ আহ্বান জনায়।
সভাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় যুৱ সংসদৰ উপ-সভাপতি তথা দুলীয়াজান অধিৱেশনৰ আদৰণী সমিতিৰ প্ৰচাৰ বিভাগৰ কাৰ্যকৰী সভাপতি আৰু জ্যেষ্ঠ সাংবাদিক সুৰজ দত্তই অধিৱেশনৰ প্ৰস্তুতি, প্ৰচাৰ আৰু জনসম্পৃক্ততা সম্পৰ্কীয় বিভিন্ন বিষয়ত বক্তব্য আগবঢ়ায়।
সভাত ডিব্ৰুগড় সমিতিৰ উপ-সভাপতি তথা ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, লেখক, নিবন্ধকাৰ চন্দন ফুকনে বিগত সময়ৰ অভিজ্ঞতা সন্দৰ্ভত এক বিস্তৃত ব্যাখ্যা আগবঢ়োৱা লগতে আগন্তুক দুলীয়াজান অধিৱেশন খনৰ সফল কৰাৰ স্বাৰ্থত ঐক্যবদ্ধ ভাবে সেৱা আগবঢ়াব বাবে সকলোকে আহ্বান জনায়।সেয়ে ডিব্ৰুগড় উপ – সমিতিয়ে সৰ্বতো প্ৰকাৰে দায়িত্ব আৰু কৰ্তব্য পালন কৰাটো অত্যন্ত প্ৰযোজন বুলি উল্লেখ কৰে। ফুকনে লগতে অসম সাহিত্য সভাৰ যি আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননি শীৰ্ষক আদৰি সংগীত পৰিৱেশনৰ বাবে ডিব্ৰুগড় পৰা দুশ – তিনিশ পুৰুষ মহিলা সমবেত হৈ দুলীয়াজান মুং ডুন চুনখাম 
উল্লেখযোগ্য যে ডিব্ৰুগড় উপ- সমিতিৰ সম্পাদক কুশল কোঁৱৰ চিকিৎসাজনিত কাৰণত বিগত দহ দিন অসমৰ বাহিৰত থাকিবলগীয়া হৈছিল। চিকিৎসা গ্ৰহণৰ পাছত তেখেত ডিব্ৰুগড়ত উপস্থিত হৈ পুনৰ সুস্থ হৈ আজি সমিতিৰ দায়িত্ব গ্ৰহণ কৰে। তেখেতৰ অনুপস্থিতিৰ সময়ছোৱাত ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে ৰঞ্জিত চেতিয়াক দায়িত্ব অৰ্পণ কৰা হৈছিল। ৰঞ্জিত চেতিয়াই উক্ত সময়ছোৱাত নিষ্ঠা আৰু সততাৰে ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব পালন কৰাৰ বাবে সভাত ডিব্ৰুগড় সমিতিৰ বিষয়ববীয়াসকলে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
ইফালে, ডিব্ৰুগড় সমিতিৰ আগন্তুক কাম-কাজ আৰু দুলীয়াজান অধিৱেশনৰ প্ৰস্তুতি অধিক সুসংগঠিতভাৱে আগবঢ়াই নিয়াৰ উদ্দেশ্যে অহা ২৬ ছেপ্টেম্বৰত এখন গুৰুত্বপূৰ্ণ সভা আহ্বান কৰাৰ সিদ্ধান্ত আজিৰ সভাত গ্ৰহণ কৰা হয়। উক্ত সভাখন সন্ধিয়া ৫ বজাত ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়স্থিত ‘ৰামেশ্বৰ লাল চহৰীয়া সংহতি ভৱন’ত অনুষ্ঠিত হ’ব। সভাত ডিব্ৰুগড় সমিতিৰ আগন্তুক কাম-কাজ অধিক সুসংগঠিতভাৱে আগবঢ়াই নিয়াৰ লগতে দুলীয়াজান অধিৱেশনৰ প্ৰস্তুতিত সক্ৰিয়ভাৱে সহায়-সহযোগিতা আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু সদস্যই নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি অধিৱেশনখন সফল কৰি তোলাত সহযোগিতা আগবঢ়াব বুলি সভাত মত প্ৰকাশ কৰে।