...

অসমীয়া জাতিৰ দাপোন স্বৰূপ বিহুৰ ঐতিহ্য

Spread the love

অসমীয়া জাতিৰ দাপোন স্বৰূপ বিহুৰ ঐতিহ্য

আধুনিকতাৰ ধামখুমীয়াত বিহুৰ বিপৰ্যয় !

*বিভাস দুৱৰা*

অসমীয়া জাতীয় জীৱনৰ এক অবিচ্চেদ্য অংগ বিহু।জাতীয় জীৱনৰ প্ৰাণৰ বিহুটো আমাৰ জাতীয় সত্তাৰ এক মূল আধাৰ।বিহু মানেই কেৱল এটা ঋতুভিত্তিক উৎসৱ নহয়।বিহু হ’ল অসমীয়া জাতিৰ আয়ুস ৰেখা স্বৰূপ আৰু বৰ অসমৰ সাংস্কৃতিক,কলা-কৃষ্টিৰ এক মৌলিক প্ৰকাশ। বৰদৈচিলাৰ উতনুৱা আঁচলত ধৰি অহা ব’হাগৰ প্ৰথমজাক বৰষুণৰ পৰাই অসমীয়াৰ প্ৰতিঘৰৰ চোতাল-পথাৰ,পাহাৰ-ভৈয়াম,নদ-নদী,বৃষ-লতা-তৃণ, আৱাল বৃদ্ধ-বনিতাৰ প্ৰাণত বিহুৱে যি এক অপাৰ আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে, সেয়া পৃথিৱীৰ আন কোনো উৎসৱৰ সৈতে তুলনা নহয়।কিন্তু আজিৰ যান্ত্ৰিকতাৰ যুগৰ ধামখুমীয়াত আমাৰ এই হাজাৰ বছৰীয়া সাতামপুৰুষীয়া ঐতিহ্যই ক্ৰমান্বয়ে এক গভীৰ বিপৰ্যয়ৰ দিশে অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে।যি, সমগ্ৰ জাতিটোৰ বাবেই এই নেতিবাচক দিশ বুলিও বিবেচিত হৈছে।

বিহুৰ ইতিহাস অতি প্ৰাচীন। আদিম কৃষিজীৱী চহা মানুহৰ নিভাজ আৱেগ আৰু উৰ্বৰা শক্তিৰ পূজা হিচাপেই বিহুৰ জন্ম হৈছিল। আৰম্ভণিতে বিহু আছিল হাবি-বনৰ মাজত, গছৰ তলে-তলে আলাই-আথানি হৈ থকা এটি নিভাজ প্ৰকৃতি কেন্দ্ৰীক উৎসৱ।কালক্ৰমত,আহোম স্বৰ্গদেউসকলৰ আমোলত এই গছতলৰ বিহুৱে এক সুকীয়া মৰ্যাদা লাভ কৰিলে ।
​অসমীয়া লোক-সংস্কৃতিক ৰাজকীয় মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত আহোম স্বৰ্গদেউসকলৰ ভূমিকা অতুলনীয়। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত (১৬৯৬-১৭১৪) বিহুৱে পোনপ্ৰথমবাৰৰ বাবে আনুষ্ঠানিক আৰু ৰাজহুৱা স্বীকৃতি লাভ কৰে।ঐতিহাসিক শিৱসাগৰৰ ৰংপুৰৰ পথাৰৰ পৰা বিহুৱে ৰংঘৰৰ বাকৰিলৈ যি যাত্ৰা কৰিলে, সি আছিল এক ঐতিহাসিক সন্ধিক্ষণ। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ নিৰ্দেশত পোন প্ৰথমবাৰৰ বাবে বিভিন্ন জনজাতীয় কৃষ্টিৰ শিল্পীসকলক ৰাজদৰবাৰলৈ নিমন্ত্ৰণ কৰা হৈছিল। আহোম যুগত বিহুৰ লগত হাতী-যুঁজ, মহ-যুঁজ, শেন-যুঁজ আদি খেল-ধেমালিৰ যি আয়োজন কৰা হৈছিল, সেয়া আছিল জাতীয় বীৰত্ব আৰু একতাৰ প্ৰতীক। স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭১৬ শকত দুই মহলীয়া ৰংঘৰ নিৰ্মাণ কৰি বিহুৰ ৰং-ধেমালিক এক স্থাপত্যৰ মৰ্যাদা দিছিল। সেই সময়ত বিহুৱে কোনো এক নিৰ্দিষ্ট ধৰ্ম বা জাতিক প্ৰতিনিধিত্ব কৰা নাছিল, বৰঞ্চ আহোম স্বৰ্গদেউসকলৰ উদাৰ নীতিৰ বাবে ই এক বিশ্বজনীন সমন্বয়ৰ উৎসৱলৈ ৰূপান্তৰিত হৈছিল।

সময়ৰ সোঁতত বিহু চোতালৰ পৰা মঞ্চ পালেহি। মঞ্চ বিহুৱে আমাক এক সুকীয়া পৰিচয় দিছে সঁচা, কিন্তু আধুনিকতাৰ অত্যাধিক ধামখুমীয়াত বিহুৰ সেই নিভাঁজ প্ৰকৃতিৰ গোন্ধটো যেন হেৰাই যাব ধৰিছে। আজিৰ বিহু মানেই যেন কেৱল বিয়াগোম ৰভা, চকু চাট মাৰি যোৱা আলোকসজ্জা, ডাঙৰ ডাঙৰ স্পীকাৰৰ কানফলা শব্দ আৰু কৃত্ৰিম সাজ-পাৰ।বিহুৰ সেই পবিত্ৰ ‘বিহুৱান’ৰ স্থান এতিয়া লৈছে বজাৰৰ সুলভ মূল্যৰ যন্ত্ৰত নিৰ্মিত কাপোৰে।
​পূৰ্বে বিহু আছিল শ্ৰম আৰু কৃষি কৰ্মৰ উৎসৱ। কিন্তু আজিৰ সমাজত এক অদ্ভুত কৰ্মহীনতাই গা কৰি উঠিছে।কোনো কালেই পথাৰৰ লগত সম্পৰ্ক নোহোৱাকৈ কেৱল মঞ্চত বিহু নাচিলেই বিহু সুৰক্ষিত নহয়। যি সময়ত বিহুনামে ডেকাক পথাৰলৈ টানি নিছিল, সেই একেই বিহুনাম এতিয়া কেৱল বাণিজ্যিক লাভালাভৰ মাধ্যম হৈ পৰিছে। ক্ৰমবৰ্ধমান যান্ত্ৰিকতাই আমাৰ বাদ্যযন্ত্ৰসমূহকো গ্ৰাস কৰিছে।একপ্ৰকাৰ কবলৈ গলে, ঢোল-পেঁপাৰ প্ৰাকৃতিক ধ্বনিৰ ঠাইত এতিয়া ইলেকট্ৰনিক বাদ্যৰ শব্দই বিহুৰ মূল আত্মাৰ ওপৰত চূড়ান্ত আঘাত হানিছে।

আজিৰ বিহুৰ আটাইতকৈ ডাঙৰ বিপৰ্যয় হ’ল অপসংস্কৃতিৰ আগ্ৰাসন। ব’হাগ মাহটো অহাৰ লগে লগে এচাম বাণিজ্যিক গোষ্ঠীয়ে বিহুক এক পন্যলৈ ৰূপান্তৰিত কৰে। চহা অসমীয়াৰ আমঠু হেন বিহুটিক এতিয়া বিভিন্ন বিতৰ্কিত বিজ্ঞাপন বা অতিৰঞ্জিত সাজ-পাৰেৰে বিকৃত কৰিবলৈ চেষ্টা কৰা হৈছে। বিহুৰ মঞ্চত এতিয়া বিহুনামৰ ঠাইত বহুসময়ত হিন্দী বা অনা-অসমীয়া গানৰ প্ৰাধান্য বেছি দেখা যায়। ই আমাৰ ভাষিক আৰু সাংস্কৃতিক পৰিচয়ৰ বাবে এক প্ৰবল ভাবুকি হৈ পৰিছে।
​প্ৰয়াত কণ্ঠশিল্পী, হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ দৰে শিল্পীয়ে বিহুক যি নতুন গতি দিছিল, তেওঁৰ অবিহনে এইবাৰৰ বিহুৰ আকাশ যেন অতিশয় বিষণ্ণ। শিল্পীৰ অনুপস্থিতিত বিহুৰ মঞ্চলৈ যি শূন্যতা নামি আহে, সেই শূন্যতাই আমাক আমাৰ মূল শিপাৰ কথা মনত পেলাই দিয়ে। কিন্তু দুৰ্ভাগ্যবশতঃ, নতুন প্ৰজন্মৰ বহুতৰে বাবে বিহু মানেই কেৱল নাচ-গান, উদ্দাম নৃত্য আৰু চেল্ফী লোৱাৰ এক মাধ্যমহে হৈ পৰিছে। বিহুৰ আঁৰত থকা সেই কষ্টসাধ্য শ্ৰম আৰু জাতি গঠনৰ ইতিহাস তেওঁলোকৰ বাবে অজ্ঞাত।
​সমন্বয়ৰ সংকট আৰু সংকীৰ্ণ ৰাজনীতি:
সংস্কৃতিয়ে আমাক একত্ৰিত কৰে, কিন্তু আজিৰ সময়ত বিহুৰ পৱিত্ৰ গৰিমাৰ মাজতো সংকীৰ্ণ ৰাজনীতি আৰু সাম্প্ৰদায়িকতাৰ বীজ সিঁচিবলৈ একাংশই চেষ্টা চলাইছে। আহোম স্বৰ্গদেউসকলে বিহুৰ জৰিয়তে যি বৰ অসমৰ ভেটি গঢ়িছিল, আজি সেই ভেটিটোকেই বাৰ ভাগ কৰিবলৈ একাংশ সুবিধাভোগীয়ে অহৰহ চেষ্টা কৰিছে। জাতি-জনগোষ্ঠীৰ মাজত বিহুৰ বিনিময়ত বিভেদৰ সৃষ্টি কৰাটো আমাৰ সাংস্কৃতিক ইতিহাসৰ বাবে এক চৰম লজ্জাজনক বিষয়।

এই বিপৰ্যয়ৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে আমি পুনৰ আমাৰ শিপালৈ উভতি যাব লাগিব।বিহু মানেই কেৱল ঢোল, পেপাঁ, গগণা নহয়।বিহু মানেই কেৱল দামী দামী চাদৰ-মেখেলা বা সাজ-পোছাক নহয়।বিহু হল,অসমীয়া জনজীৱনৰ এক স্বাভিমান, এক সাহস, জাতীয় জীৱনৰ এক অপৰিহাৰ্য অংগ।ৰংঘৰৰ বাকৰিত যিদৰে একতাৰ সুৰ বাজিছিল, সেই একেই সুৰ আমি পুনৰ আমাৰ গাঁৱে-ভূঞে জগাই তুলিব পাৰিব লাগিব।

বিহুক জাউতিযুগীয়া কৰি ৰাখিবলৈ হলে প্ৰধানত: এই তত্বৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব।
প্ৰথম:
কৰ্মমুখী সংস্কৃতিৰ পুনৰুত্থান: পথাৰ আৰু বিহুৰ মাজৰ বিচ্ছেদ হ’বলৈ দিব নালাগে।

দ্বিতীয়তে:
সঠিক প্ৰশিক্ষণ: নতুন প্ৰজন্মক বিহুৰ বাদ্যযন্ত্ৰ আৰু ইয়াৰ তাত্ত্বিক দিশৰ সঠিক জ্ঞান দিব লাগিব।

তৃতীয়তে:
বাণিজ্যিকীকৰণৰ বিৰোধিতা: বিহুৰ নামত হোৱা অপসংস্কৃতি আৰু বিকৃতিক কঠোৰ হাতেৰে দমন কৰিব লাগিব।

উপসংহাৰ:
কাৰ্যত: অসম আৰু অসমীয়াৰ তিনি প্ৰকাৰৰ বিহু আছে।ৰঙালী বা বহাগ বিহু, মাঘ বিহু বা ভোগালী বিহু আৰু কাতি বা কঙালী বিহু।কিন্তু অতি পৰিতাপৰ বিষয় যে এই তিনি বিহু সাম্প্ৰতিক সময়ত একাকাৰ হৈ পৰিছে।বিহু, প্ৰধানত কৃষি আৰু শ্ৰমৰ লগত জড়িত। কাজেই এতিয়া সকলো বিহুতে কেৱল ৰং ৰহইচ, ভোগ কৰা ইত্যাদি।এয়া জাতিৰ বাবেই অতিশয় দুৰ্ভাগ্যজনক।সময়ে সময়ে সমালোচক তথা বিজ্ঞ সকলে আলোকপাত কৰি আহিছে যদিও সকলো ফুটুকাৰ ফেন হৈ পৰিছে।প্ৰয়াত হাৰ্টথ্ৰৱ জুবিন গাৰ্গে কৈছিল গামোচা সংস্কৃতিয়ে জাতি এটা সুৰক্ষিত কৰিব নোৱাৰে।সেয়ে ৰঙালী বিহু যুগে যুগে আমাৰ বাপতি-সাহোন হৈ জিলিকি থাকিব যদিহে আমি আমাৰ ঐতিহ্যক আধুনিকতাৰ মেৰপাকত হেৰাই যাবলৈ নিদিওঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *