ব্ৰহ্মপুত্ৰৰ বুকুত নিৰুদ্দেশ যুৱক ৰোহিত মণ্ডল
*চাইন অন ডেস্ক:*
মাঘ বিহুৰ উলাহৰ মাজতেই ডিব্ৰুগড়ৰ মোহনাঘাটত পুনৰ অঘটন।ব্ৰহ্মপুত্ৰৰ বুকুত নিৰুদ্দেশ হল ৰোহিত মণ্ডল নামৰ যুৱকজন।জানিব পৰা অনুসৰি আজি বিয়লি সমনীয়াৰ সৈতে ফুৰিবলৈ গৈছিল ডিব্ৰুগড়ৰ মোহনাঘাটৰ নদীৰ পাৰত আৰু তেতিয়াই পিচলি ব্ৰহ্মপুত্ৰ নদীত পৰি যায়।ঘটনাস্থলীত আৰক্ষী আৰু এচ ডি আৰ এফ উপস্থিত হৈ অভিযান চলাইছে যদিও ৰোহিতৰ সন্ধান লাভ কৰা নাই।ডিব্ৰুগড়ৰ কে পি ৰোডত ঘৰ আছিল ৰোহিত মণ্ডলৰ। উল্লেখযোগ্য যে উক্ত স্থানতেই ইয়াৰ পূৰ্বে কেইবাটাও এনে অনুৰূপ ঘটনা সংঘটিত হৈ গৈছে।
Like this:
Like Loading...