...

বালিপৰাৰ ঘোঁৰামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

বালিপৰাৰ ঘোঁৰামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

৫ জন বন্ধুৰ অকাল মৃত্যু

বালিপৰা,১৩ছেপ্তেম্বৰ:

শোণিতপুৰৰ বালিপৰাৰ সমীপৱৰ্তী মীট চাপ্লাইৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নায়েৰা পেট্ৰল পাম্পৰ সমীপত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত
থিতাতে নিহত হৈছে ইক’ বাহনত থকা ৫ জনকৈ চফল ডেকা ।
AR-04A-2696 নম্বৰৰ ট্ৰাক আৰু AS12-AP-6300 নম্বৰৰ ইক বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ।
নিহত যুৱক কেইজন ক্ৰমে ঘোঁৰামাৰী বটাবাৰীৰ হৰ গোবিন্দ হাজুৱাৰী,নয়ন স্বৰ্গীয়াৰি, পাপু বৰা,প্ৰাঞ্জল বণিয়া আৰু সঞ্জয় মেচ বুলি জানিব পৰা গৈছে।
আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকৰ চালক জনে পলায়ন কৰে। নতুন বাহনত উঠি ফুৰিবলৈ যাওঁতেই সংঘটিত হোৱা কৰুণ ঘটনাটোত অঞ্চলবাসীৰ লগতে ৫ জনকৈ সুঠাম যুৱকৰ পৰিয়ালত এতিয়া কেৱল কান্দোনৰ ৰোল ।

Leave a Reply

Your email address will not be published. Required fields are marked *