ডিব্ৰুগড়ৰ মাইজান-ঠাকুৰবাৰীত ব্ৰহ্মপুত্ৰৰ বুকুত ২৬ বছৰীয়া যুৱক সন্ধানহীন
অনলাইন জুৱাত সর্বস্বান্ত হোৱাৰ অভিযোগ
চাইন অন ডেস্ক,১২ছেপ্তেম্বৰঃ
ডিব্ৰুগড়ৰ মাইজান-ঠাকুৰবাৰী অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। কালি সন্ধিয়া বন্ধুৰ সৈতে নদীৰ পাৰত বহি কথা পাতি থকা অৱস্থাতে হঠাতে ব্ৰহ্মপুত্ৰৰ উত্তাল জলৰাশিত জাপ দিয়ে ২৬ বছৰীয়া এজন যুৱকে। এই দুৰ্ভাগ্যজনক ঘটনাৰ পিছৰে পৰা যুৱকজন নদীৰ বুকুত সন্ধানহীন হৈ আছে। সন্ধানহীন যুৱকজন ডিব্ৰুগড়ৰ পথাৰটলি নিবাসী
চনু শ্বাহ বুলি চিনাক্ত কৰা হৈছে। প্ৰথম অৱস্থাত ঘটনাৰ সঠিক কাৰণ স্পষ্ট হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ তথ্য। প্ৰত্যক্ষদৰ্শী তথা চনুৰ দুই বন্ধুৱে দাবী কৰা মতে, অনলাইন জুৱাত প্ৰায় কেইবালাখ টকা হেৰুৱাই সম্পূৰ্ণৰূপে সৰ্বস্ৰান্ত হৈ পৰিছিল চনু শ্বাহ। এই বৃহৎ আৰ্থিক ক্ষতিৰ বাবে তেওঁ মানসিকভাবে অতিশয় ভাগি পৰিছিল আৰু সম্ভৱতঃ এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁৰ মানসিক অৱসাদ দূৰ কৰাৰ উদ্দেশ্যেহে বন্ধু দুজনে চনুক ব্ৰহ্মপুত্ৰৰ পাৰলৈ ফুৰাবলৈ লৈ গৈছিল বুলি তেওঁলোকে প্ৰকাশ কৰে। ইফালে, চনুৰ বন্ধুসকলৰ এই অভিযোগ পোনচাতেই অস্বীকাৰ কৰিছে পৰিয়ালৰ লোকসকলে। পৰিয়ালৰ দাবী অনুসৰি, চনু মানসিকভাবে কোনো ধৰণে ভাগি পৰা নাছিল। এই আকস্মিক ঘটনাই পৰিয়ালটোক মৰ্মাহত কৰি তুলিছে আৰু তেওঁলোকৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী আৰু এছডিআৰএফ বাহিনীৰ দল তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয়। কিন্তু নিশা হৈ পৰা বাবে আৰু গভীৰ আন্ধাৰৰ ফলত সেই সময়ত উদ্ধাৰ অভিযান চলাব পৰা নগল। এই পযন্ত চনুৰ কোনো সন্ধান পোৱা নাই।