...

ডিব্ৰুগড়ৰ ডনবস্ক’ হাইস্কুলৰ ৰহস্যময় ঘটনা!

ডিব্ৰুগড়ৰ ডনবস্ক’ হাইস্কুলৰ ৰহস্যময় ঘটনা!

অৱশেষত মুখ খুলিলে বিদ্যালয়খনৰ অধ্যক্ষই

চাইন অন ডেস্ক,১২ছেপ্তেম্বৰ:

ডিব্ৰুগড়ৰ ডনবস্ক’ হাইস্কুলত সংঘটিত ৰহস্যময় ঘটনা সন্দৰ্ভত অৱশেষত মুখ খুলিছে বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে। ঘটনাটো প্ৰকৃততে কি কাৰণে ঘটিল, সেই বিষয়ে বিদ্যালয় কৰ্তৃপক্ষ এতিয়াও স্পষ্ট নহয় যদিও কেবাগৰাকীও ছাত্ৰ-ছাত্ৰীৰ হাতত কটাৰ চিন দেখা পোৱা বুলি স্বীকাৰ কৰিছে অধ্যক্ষই।
​অধ্যক্ষগৰাকীৰ ভাষ্য অনুসৰি, কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পেঞ্চিল কাটাৰ বা চাৰ্পনাৰৰ প্লাষ্টিকেৰে হাত কাটি লোৱাৰ বিপৰীতে, আন কিছুমানে চাৰ্পনাৰৰ ব্লেডেৰে নিজৰ হাত কাটি লোৱা বুলি প্ৰকাশ কৰিছে। এই অনাকাংক্ষিত ঘটনা পোহৰলৈ অহাৰ পাছতেই জিলা প্ৰশাসন সম্পূৰ্ণভাৱে সষ্টম হৈ পৰিছে।নিৰাপত্তাৰ খাতিৰত ইতিমধ্য ১২ গৰাকী ছাত্ৰ-ছাত্ৰীক টিটেনাছ ইনজেকচন প্ৰদান কৰা হৈছে। অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰা মতে, বৰ্তমান এই ছাত্ৰ-ছাত্ৰীসকলক বিশেষ কাউন্সেলিঙৰ জৰুৰী প্ৰয়োজন আছে। ইফালে, সমগ্ৰ বিষয়টোক লৈ জিলা প্ৰশাসনে আৰম্ভ কৰা তদন্তত বিদ্যালয় কৰ্তৃপক্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি স্পষ্ট কৰি দিছে।ইফালে, ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জিলা ছাত্ৰ সন্থাই। ছাত্ৰ সংস্থাৰ মতে, এই ঘটনাটো কেতিয়াও সাধাৰণভাৱে ল’ব নোৱাৰি; কাৰণ বিদ্যালয়ত প্ৰৱেশ কৰাৰ পিছত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ সম্পূৰ্ণ দায়িত্ব বিদ্যালয় কৰ্তৃপক্ষৰ। সেয়েহে এতিয়া বিদ্যালয় কৰ্তৃপক্ষই দায়সৰা বক্তব্য প্ৰদান কৰিলে নহ’ব বুলি উল্লেখ কৰি, জিলা প্ৰশাসনক সমগ্ৰ ঘটনাৰ উচিত তদন্ত চলাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ছাত্ৰ সন্থাই।

Leave a Reply

Your email address will not be published. Required fields are marked *