তিনি বছৰে ২৯ জন ট্ৰেক মেনৰ ভাগ্য অনিশ্চয়তাত
তিনিচুকীয়া ৰে’ল ডিভিজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
চাইন অন ডেস্ক,১১মে’:
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তিনিচুকীয়া ডিভিজনৰ ২৯ গৰাকী ট্ৰেক মেনৰ ভৱিষ্যতক লৈ এতিয়া তীব্ৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে। ২০২২ চনতে ডিব্ৰুগড় আৰু নিউ বঙাইগাঁও ৰে’লৱে ৱৰ্কশ্বপত নিযুক্তিৰ বাবে নিৰ্বাচিত হোৱা এই কৰ্মচাৰীসকলক বিগত তিনি বছৰে বিভাগে মুকলি কৰি নিদিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত পূৰ্বোত্তৰ সীমান্ত ৰে’লৱে কৰ্মচাৰী সংঘৰ যুটীয়া সাধাৰণ সম্পাদক কুন্তল বসুৱে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ জৰিয়তে ৰে’ল 

