স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
শ-শ মহিলাৰ উপ-মাণ্ডলিক কাৰ্যালয় ঘেৰাও
স্মাৰ্ট মিটাৰ সমূহীয়াভাৱে উভটাই দিয়াৰ হুংকাৰ
চাইন অন ডেস্ক:
পুনৰ স্মাৰ্ট মিটাৰক লৈ উত্তপ্ত হল ডিব্ৰুগড়।এইবাৰ খোদ শক্তি মন্ত্ৰীৰ গৃহ জিলাতেই গ্ৰাহকৰ ক্ষোভৰ উদগিৰণ দেখিবলৈ পোৱা গল।
ৰাজ্যৰ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনৰ গৃহ জিলাতে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গ্ৰাহকৰ ক্ষোভে তীব্ৰ প্ৰতিবাদৰ ৰূপ লয়।আজি ডিব্ৰুগড়ৰ উপ-মাণ্ডলিক কাৰ্যালয়
(SDO) ঘেৰাও কৰি কেইবা শতাধিক মহিলাই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মুকলি প্ৰতিবাদ সাব্যস্ত কৰে।ডিব্ৰুগড় মহানগৰৰ ফুটাহোলা, ছাগলীকটা, ডঙ্গৰপথাৰ, নগাঁও আৰু ৰাজগড় গাঁওসহ মুঠ পাঁচ খন গাঁৱৰ ৰাইজে এই প্ৰতিবাদত অংশগ্ৰহণ কৰি শক্তি বিভাগৰ বিৰুদ্ধে ব্যাপক ক্ষোভ উজাৰে। উল্লেখ্য যে প্ৰতিবাদী ৰাইজৰ অভিযোগ অনুসৰি স্মাৰ্ট মিটাৰ সংযোগৰ ফলত বিদ্যুৎ বিল ৪০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে।তদুপৰি এনড্ৰইড ম’বাইল নথকা বা ব্যৱহাৰ কৰিব নজনা, নেটৱৰ্কৰ অভাৱ আৰু দৰিদ্ৰ নিৰক্ষৰ লোকৰ বাবে স্মাৰ্ট মিটাৰ এক মহা সমস্যা হৈ দেখা পৰিছে। ৰিচাৰ্জ শেষ হ’লেই যিকোনো সময়তে বিদ্যুৎ বিচ্ছিন্ন হোৱাত গৃহিণীসকলৰ দৈনন্দিন জীৱন, কৃষি কাৰ্য আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগ্ৰহণতো মাৰাত্মক প্ৰভাৱ পৰিছে বুলি এই গুৰুতৰ অভিযোগ উত্থাপন কৰি
প্ৰতিবাদকাৰীসকলে উপ-মাণ্ডলিক কাৰ্যালয়ত স্পষ্ট কৰি দি অহা এসপ্তাহৰ ভিতৰত পূৰ্বৰ মিটাৰ পুনঃসংযোগ নকৰিলে স্মাৰ্ট মিটাৰ গাঁওবাসীয়ে সমূহীয়াভাৱে উভটাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছে।
Like this:
Like Loading...