...

পথ দুৰ্ঘটনাত দুজন বাইক আৰোহীৰ ঘটনাস্থলীত মৃত্যু

পথ দুৰ্ঘটনাত দুজন বাইক আৰোহীৰ ঘটনাস্থলীত মৃত্যু

দুজন গুৰুতৰভাবে আহত

চাইন অন ডেস্ক,৩০মে’:

পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰামসৰোবৰ অঞ্চলত যোৱা নিশা ১০:৩০বজাত সংঘটিত এক ভয়াবহ দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষত দুজনকৈ যুৱকৰ মৃত্যু হোৱাৰ লগতে এজনী মহিলা আৰু এটি শিশু কন্যা গুৰুতৰভাৱে আহত হয়।জানিব পৰা মতে, কাজি গাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বৰভিটা গাঁৱৰ ছাহিদুল ইছলাম (২৮) নামৰ যুৱকজনে বাইক এখনেৰে তেওঁৰ পত্নী আৰু এটি শিশু কন্যাক লৈ আলমগঞ্জ অভিমুখে যাত্ৰা কৰি আছিল। ঠিক একে সময়তে চুপাৰীঘাটৰ পৰা মিৰাজুল হকে বাইক এখনেৰে কাজিগাঁও অভিমুখে আহি থকা অৱস্থাত দুয়োপক্ষৰ মাজত এই মুখামুখি সংঘৰ্ষ সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, কাজিগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ৰামসৰোবৰ নামৰ ঠাইত বাইক দুখনৰ সংঘৰ্ষ ইমানেই ভয়নক আছিল যে বৰভাটা গাওঁৰ ছাইদুল ইছলাম ঘটনাস্থলীতে নিহত হয়। লগতে একে দুৰ্ঘটনাতে কাজিগাঁওৰ ৰাভাপাৰা গাঁৱৰ মিৰাজুল হক (২২) নামৰ আন এজন যুৱকৰো ঘটনাস্থলীতে মৃত্যু হয়। আনহাতে দূৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ছাহিদুল ইছলামৰ পত্নী সেহনাজ পাৰবিন আৰু শিশু কন্যা ঘটনাস্থলিত গুৰুতৰভাবে আহত হয়। ৰাতি অধিক হোৱা সত্বেও স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে ঘটনাস্থলিত উপস্থিত হৈ তৎক্ষণাতভাবে গুৰুতৰভাবে আহত দুজনক উদ্ধাৰ কৰি ধুবুৰী মেডিকেল কলেজ হাস্পিতাললৈ প্ৰেৰণ কৰা হয়। বৰ্তমানে তেওঁলোকৰ ধুবুৰী মেডিকেল কলেজ হাস্পিতালত চিকিৎসাধীন অৱস্থাত আছে।ইফালে, ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি কাজিগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত দুৰ্ঘটনাগ্ৰস্ত এ এছ ১৭পি ৮৬৫৫ আৰু এ এছ ১৭ আৰ – ৯৯১৪ নম্বৰৰ বাইক দুখন জব্দ কৰিবলৈ সক্ষম হয়। কাজিগাওঁ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ইপিনে এই ঘটনা নিহত যুৱক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোঁকৰ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *