ঢকুৱাখনাৰ পথাৰত আহাৰ মাহৰ ব্যস্ততা
বোকা-মাটিৰ বুকুত কঠীয়াৰে ভৱিষ্যতৰ সপোন ৰচিছে
পুলকজ্যোতি বৰা, ঢকুৱাখনা,৬জুলাই:
ন-পানীৰ ভৰুণ সোঁতে উপচাই তোলা পথাৰৰ বুকুত এতিয়া সপোন ৰচিবলৈ কান্ধত নাঙল তুলি পথাৰলৈ আহিছে চহা খেতিয়ক ৷বৰষুণজাকৰ লগে লগে সেউজ সপোনবোৰ বুকুত বান্ধিয়েই গাঁৱৰ চহা কৃষকৰ বাঢ়িছে ব্যস্ততা।এতিয়া আহাৰ মাহ।আহাৰ 

মুৰত জাপি, কান্ধত নাঙল- যুঁৱলি,হাতত হালুৱা এছাৰি আৰু বলধ হালক লৈ চিকুন মনেৰে কৃষকসকল পুৱাতেই খোজ দিছে পথাৰলৈ।ভৰুণ পথাৰৰ সম্ভাৱনা বুকুত সাৱটি আহাৰৰ বোকাময় পথাৰত হালোৱাই হাল বাইছে।ৰ’দ- বৰষুণক নেওচি কৃষকে নাঙলৰ সীৰলু ফালি চহাইছে উৰ্বৰা ধৰিত্ৰী।সপোনৰ কঠীয়া গুজি দি ৰোৱনীজনীও এতিয়া ব্যস্ত বোকাময় পথাৰত।পথাৰত আলি দিয়া, কঠীয়া তোলা, মৈ 
