...

বান ক্ষতিগ্ৰস্ত পৰিয়াল নহয় !

বান ক্ষতিগ্ৰস্ত পৰিয়াল নহয় !

ক্ষতিগ্ৰস্তক চাবলৈ যোৱা পৰিয়ালে পালে অৰুনোদয়ৰ অতিৰিক্ত ধন?

চাইন অন ডেস্ক,১১আগষ্ট:

ডিব্ৰুগড়ৰ উপকণ্ঠ এখন ঠাই। নাম বৰবৰুৱা। এই ঠাইত প্ৰলয়ংকাৰী বানপানীতো নহয়েই, বাৰিষাকালত এই ঠাইৰ ভিতৰুৱা গ্ৰাম্যাঞ্চলতহে কেতিয়াবা বানপানী হয়। কোনোদিন বান নোহোৱা এই বৰবৰুৱা অঞ্চলৰ পৰা দুই এজনমান যুৱক এশ-ডেৰশ কিলোমিটাৰ দূৰত্বত শিৱসাগৰ -চৰাইদেউৰ বান বিধ্বস্ত এলেকা চাবলৈ গৈছিল বান সাহায্য বিতৰণ কৰিবলৈ যোৱা লোকৰ গাড়ীত উঠি। জানিব পৰা মতে যুৱক কেইজন বিজেপিৰ কৰ্মী।যুৱক কেইজনে বানপানী চাই আহি মাক-দেউতাকৰ লগত সেই অঞ্চলৰ দুৰৱস্থাৰ কথা বৰ্ণনা কৰিলেহি। কথা সিমানেই। কিন্তু দুদিনমানৰ পিছত দেখা পালে যুৱক দুজনমানৰ মাতৃৰ অৰুণোদয়ৰ একাউণ্টত সোমাল অতিৰিক্ত ধন। পূৰ্বৰে পৰা এই কেইঘৰৰ মহিলাই অৰুণোদয়ৰ ধন লাভ কৰি আহিছিল ১২৫০ টকাকৈ। চৰকাৰে এইবাৰ সিদ্ধান্ত লৈ ঘোষণা কৰিছিল যে, এই ১২৫০ টকাকৈ পোৱা প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা ১৫০ টকাকৈ বান বিধ্বস্ত লোকক সাহাৰ্য দিবলৈ কাটি ৰাখি এইবাৰ তেওঁলোকক দিব ১১০০ টকাকৈ আৰু তাৰ বিপৰীতে বান বিধ্বস্ত এলেকাৰ হিতাধিকাৰীয়ে পাব ১২৫০ টকাকৈ দুটা মাহৰ ধন একেলগে, অৰ্থাৎ তেওঁলোকে পাব ২৫০০ টকা।
উল্লেখযোগ্য যে,অতি শেহতীয়াকৈ বানবিধ্বস্ত এলেকাৰ ৰাইজৰ পৰা যেনেকৈ শুনা গৈছে বান সাহাৰ্যৰ নামত পক্ষপাতিত্বৰ অভিযোগ, তেনেকৈ বৰবৰুৱা অঞ্চলৰ একাংশ ৰাইজৰ মাজৰ পৰা শুনা গৈছে যে, বান নোহোৱা এই বৰবৰুৱা অঞ্চলৰ একাংশ অৰুণোদয়ৰ হিতাধিকাৰীয়ে পাইছে বানবিধ্বস্ত হিতাধিকাৰীয়ে পোৱাৰ দৰে অতিৰিক্ত ১২৫০ টকা, অৰ্থাৎ এইবাৰ পালে ২৫০০ টকাকৈ। বানপানী নোহোৱাকৈ বান ক্ষতিগ্ৰস্ত হিতাধিকাৰী একাংশৰ নাম তালিকাখন বৰ্তমান সাংবাদিকৰ হাতত।

Leave a Reply

Your email address will not be published. Required fields are marked *