...

নগাঁৱৰ মৰিকলঙৰ লোমহৰ্ষক ডকাইটি

নগাঁৱৰ মৰিকলঙৰ লোমহৰ্ষক ডকাইটি

 

আৰক্ষীৰ গুলীত দুৰ্ধষ ডকাইত নিহত

চাইন অন ডেস্ক,২৬মে’:

নগাঁৱত আৰক্ষীৰ গুলীত এক দুৰ্ধষ ডকাইত নিহত হয়।

এক গোপন সুত্ৰৰ পমখেদি নগাঁৱৰ আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰকন্দলি মিকিৰপাৰত ডকাইটৰ বিৰুদ্ধে অভিযান চলাই।ছয়জনীয়া ডকাইটৰ দলটোৱে, আৰক্ষী অহাৰ উমান পায় যদিও এজনে নিজকে বচাবলৈ আৰক্ষীৰ দলটোলৈ লক্ষ্যঃ কৰি গুলিচালনা কৰে।
প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলিচালনা কৰাত ডকাইটটো গুৰুতৰ ভাবে আহত হয়।ততাতৈয়াকৈ তেওঁক নগাওঁ মেডিকেল কলেজ হচপিটাললৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৃত ডকাইটটো এমাহৰ পুৰ্বে নগাঁৱৰ মৰিকলঙত হোৱা লোমহৰ্ষক ডকাইটি ঘটনাৰ অন্যতম মুল অভিযুক্ত খাইৰুল ইছলাম ওৰফে মণি বুলি চিনাক্ত কৰা হৈছে। নিহত ডকাইটোৰ ঘৰ লক্ষিমপুৰ নগৰৰ ৮ নং মহলাৰ থানা ৰোডত।ঘটনাস্থলীৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল আৰু দুটা খালি কাৰ্টিজ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *