নগাঁৱৰ উৰিয়াগাঁৱত আঞ্চলিক মহিলা সমিতি গঠন
নগাঁও:-
নগাঁও জিলাৰ উৰিয়াগাঁৱৰ লগতে কাষৰীয়া অঞ্চলৰ মহিলা সকলক লগত লৈ বৃহত্তৰ উৰিয়াগাঁও আঞ্চলিক মহিলা সমিতি গঠন কৰা হয়। শ্বহীদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত সভাত সভাপতিত্ব কৰে সংগীতা বৰা দাসে। সভাত
অঞ্চলৰ শশীপ্ৰভা বনিয়া,পূৰবী বৰা,ৰুণু বৰা,নমিতা বৰাই ভাষণত কয় যে এখন সমাজ সফলভাৱে পৰিচালিত হবলৈ যিদৰে পুৰুষ সকলৰ অৱদান থাকে ঠিক তেনেদৰে মহিলা সকলোৰো অৱদান থাকে। আজিৰ মহিলাসকলে মহাকাশ পৰা আৰম্ভ কৰি পেহেলগাম আক্ৰমণৰ ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰ অপাৰেশ্যন সিন্দুৰটো নাৰী অৱদান উল্লেখযোগ্য। অঞ্চলটোৰ মহিলাসকলকো ঠিক একেই আদৰ্শৰেই সমাজৰ হকে আগবাঢ়ি আহিবৰ বাবে আহ্বান জনায়। বিদিশা হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সুমা বৰাক সভাপতি আৰু বিদিশা হাজৰিকাক সাধাৰণ সম্পাদিকা হিচাপে লৈ ৪১ জনীয়া সমিতি গঠন কৰা হয়। লগতে নাৰী সৱলীকৰণ,বিভিন্ন সাংস্কৃতিক আৰু সামাজিক দিশৰ লগতে নাৰী নিৰ্যাতন,মাদক দ্ৰব্য আৰু ড্ৰাগছৰ ঘাটিৰ বিৰুদ্ধে অভিযান চলাই যাব বুলি প্ৰস্তাৱ গ্ৰহণ কৰে।
Like this:
Like Loading...