...

গুৱাহাটীত পূৰবি দুগ্ধ সম্প্ৰসাৰণৰ বাবে গাখীৰৰ মূল্য ৰাজসাহায্য আঁচনি

Spread the love

গুৱাহাটীত পূৰবি দুগ্ধ সম্প্ৰসাৰণৰ বাবে গাখীৰৰ মূল্য ৰাজসাহায্য আঁচনি

শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে

 

গুৱাহাটী:

অসমৰ দুগ্ধ খণ্ডক উন্নীত কৰাৰ লক্ষ্যৰে এক উল্লেখযোগ্য পদক্ষেপত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসম দুগ্ধ উন্নয়ন পৰিকল্পনাৰ অধীনত দুগ্ধ পালকসকলৰ বাবে গাখীৰ মূল্য ৰাজসাহায্য বিতৰণ কার্যসূচী উদ্বোধন কৰাৰ সমান্তৰালভাৱে পূর্বী দুগ্ধ সম্প্ৰসাৰণ প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ ২০ জুলাই, ২০২৫ তাৰিখে বিয়লি ৪:০০ বজাত পূৰবী দুগ্ধ চৌহদৰ ভিতৰত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব।
এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ সৈতে যোগদান কৰিব অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণএন্দু পল আৰু সমবায় আদি মন্ত্ৰী যোগেন মোহনকে ধৰি বহুকেইজন। এই পদক্ষেপৰ প্ৰথম পৰ্যায়ৰ অধীনত সমগ্ৰ ৰাজ্যৰ ৫৪২ খন দুগ্ধ সমবায় সমিতি আৰু ১৯,০৩০ টা গাখীৰ উৎপাদকে প্ৰত্যক্ষ আৰ্থিক সহায়ৰ জৰিয়তে লাভৱান হ’বলৈ সাজু হৈছে।
এই অনুষ্ঠানটোৱে অসম দুগ্ধ উন্নয়ন পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰতো এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে, যাৰ অধীনত অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডে যৌথভাৱে প্ৰতিদিনে ১০ লাখ লিটাৰ পৰ্যন্ত গাখীৰ প্ৰক্ৰিয়াকৰণৰ দৃষ্টিভংগীৰে নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (এন ই ডি এফ এল) প্ৰতিষ্ঠা কৰিছে। এই পৰিকল্পনাৰ অংশ হিচাপে যোৰহাট আৰু ডিব্ৰুগড়ত দৈনিক ১ লাখ লিটাৰকৈ গাখীৰ প্রচেছিং প্লাণ্ট স্থাপন কৰা হৈছে, আৰু ধেমাজিত ৫০ হাজাৰ লিটাৰ/দিন ক্ষমতাৰে আন এটা গাখীৰ প্রচেছিং প্লাণ্ট স্থাপন কৰা হৈছে৷ ইতিমধ্যে ৰাজ্য চৰকাৰে NEDFLক ভূমি অধিগ্ৰহণ আৰু প্ৰাৰম্ভিক উন্নয়নমূলক কামৰ বাবে ৩ কোটি টকা অনুমোদন জনাইছে।
দ্ৰুত ৰূপায়ণ নিশ্চিত কৰিবলৈ ডিব্ৰুগড়, যোৰহাট, শিলচৰ, আৰু বজালীৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ প্লাণ্টসমূহ এন ই ডি এফ এলৰ হাতত গতাই দিয়া হ’ব, আনহাতে ধেমাজি ইউনিটটো ৱামুল (পুৰবি ডেইৰী)ৰ দ্বাৰা পৰিচালিত হ’ব। পৰিকল্পনাৰ অধীনত উল্লেখযোগ্য সফলতা লাভ কৰি ইতিমধ্যে যৌন-বিভাজিত বীৰ্য্য (SSS) প্ৰযুক্তি ব্যৱহাৰ কৰি ১৫,৬৯৫টা পোৱালি জন্ম হৈছে — যিটো উচ্চ উৎপাদনক্ষম মাইকী গৰুৰ জনসংখ্যা বৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ।
গাখীৰৰ গুণগত মান বজাই ৰখা আৰু বৃদ্ধিৰ বাবে ৰাজ্যৰ পাঁচটা স্থানত গাখীৰ পৰীক্ষণ পৰীক্ষাগাৰ স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও যোৰহাট, ডিব্ৰুগড়, আৰু গুৱাহাটীৰ বিশিষ্ট স্থানত স্থানীয়ভাৱে উৎপাদিত দুগ্ধ ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে সংহত বিপণন আন্তঃগাঁথনি গঢ়ি তোলা হৈছে। বীজ মূলধন আঁচনিৰ অধীনত ১৪৪খন দুগ্ধ সমবায় সমিতিলৈ চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে ১৫খন নতুনকৈ প্ৰতিষ্ঠিত সমবায়ক প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু পৰিচালনাৰ সঁজুলিৰে সজ্জিত কৰা হৈছে।
তদুপৰি, দুগ্ধ পালকসকলক আধুনিক কৌশল, উন্নত পৰিচালনা পদ্ধতি, আৰু বহনক্ষম দুগ্ধ পালন পদ্ধতিৰে সৱলীকৰণৰ বাবে নিয়মীয়া প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *