...

ভূপেন সংগীতৰ কৰ্মশালা আৰু প্ৰতিযোগিতাক লৈ ডিব্ৰুগড়ত ব্যাপক প্ৰস্তুতি

ভূপেন সংগীতৰ কৰ্মশালা আৰু প্ৰতিযোগিতাক লৈ ডিব্ৰুগড়ত ব্যাপক প্ৰস্তুতি

উপস্থিত থাকিব কমল কটকী সহ কেইবাগৰাকীও বিশিষ্ট শিল্পী

চাইন অন ডেস্ক,৫জুলাইঃ

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি আৰু সংগীতৰ ধাৰাক নতুন প্ৰজন্মৰ মাজত অধিক সুদৃঢ়ভাৱে আগবঢ়াই নিয়াৰ উদ্দেশ্যে ডিব্ৰুগড়ত এক বৃহৎ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্ৰুতি শিল্পী সমাজ, ডিব্ৰুগড়ৰ উদ্যোগত আৰু জ্যোতি ললিতা কানৈ ফাউণ্ডেচনৰ সহযোগত অহা ২৪, ২৫ আৰু ২৬ জুলাই ডিব্ৰুগড় সাহিত্য সভা আৰু ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব তিনিদিনীয়া ভূপেন সংগীত কৰ্মশালা আৰু সদৌ অসম ভিত্তিত ভূপেন সংগীত প্ৰতিযোগিতা।
আয়োজকসকলে জানিবলৈ দিয়া মতে, এই অনুষ্ঠান সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে। অসমৰ সংগীত, সাহিত্য আৰু সংস্কৃতি জগতত ভূপেন হাজৰিকাৰ অৱদান অনন্য। তেওঁৰ সৃষ্টিৰ মাজেৰে সমাজৰ নানা দিশ, মানুহৰ জীৱনসংগ্ৰাম, সাম্য আৰু মানবতাৰ বাণী প্ৰতিফলিত হৈছে। এই আদৰ্শ আৰু সংগীতৰ ধাৰাক নতুন প্ৰজন্মৰ মাজত আগবঢ়াই নিয়াৰ লক্ষ্যৰে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
কৰ্মশালাত সুধাকণ্ঠৰ একনিষ্ঠ সহযোগী কমল কটকী সহ অসমৰ বহু বিশিষ্ট সংগীতজ্ঞ, সাংস্কৃতিক কৰ্মী আৰু অভিজ্ঞ ব্যক্তিসকল উপস্থিত থাকিব।
ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত দুটা শাখাত অনুষ্ঠিত হ’ব লগা কৰ্মশালাৰ ‘ক’ শাখা অষ্টম শ্ৰেণীলৈকে শিক্ষাৰ্থীৰ বাবে আৰু সময় পুৱা ৯-৩০বজাৰ পৰা ১বজালৈ ‘খ’ শাখা নবম শ্ৰেণীৰ পৰা মুকলি আৰু দুপৰীয়া ২_৩০ বজাৰ পৰা ৫-৩০ বজালৈ নিৰ্ধাৰিত কৰা হৈছে। আয়োজকসকলে জনোৱা মতে, কৰ্মশালাৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলক ভূপেন সংগীতৰ সুৰ, কথা, উপস্থাপনা আৰু গায়কীৰ সূক্ষ্ম দিশসমূহৰ ওপৰত প্ৰশিক্ষণ দিয়া হ’ব।
ইয়াৰ পিছতে ২৬ জুলাইত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত ভূপেন সংগীত প্ৰতিযোগিতা। প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে কেৱল ভূপেন হাজৰিকাৰ সৃষ্ট আৰু সুৰাৰোপিত গীত পৰিবেশন কৰিব লাগিব। প্ৰতিজন প্ৰতিযোগীৰ বাবে গীত পৰিবেশনৰ সময়সীমা ৩ মিনিট। প্ৰতিযোগিতাত বাদ্যযন্ত্ৰ হিচাপে কেৱল হাৰমোনিয়াম, তবলা আৰু গীটাৰ ব্যৱহাৰৰ অনুমতি থাকিব বুলি আয়োজকসকলে স্পষ্ট কৰিছে।
প্ৰতিযোগিতাৰ ‘ক’ শাখাত প্ৰথম পুৰস্কাৰ হিচাপে ১০ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ ৮ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ ৬ হাজাৰ টকাৰ লগতে বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হ’ব। একেদৰে ‘খ’ শাখাত প্ৰথম পুৰস্কাৰ ১৫ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ ১২ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ ১০ হাজাৰ টকাৰ ব্যৱস্থা ৰখা হৈছে। দুয়োটা শাখাত মুঠ দহটা স্থানলৈ নগদ পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰা হ’ব।এই অনুষ্ঠানৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান শিল্পীসকল একে মঞ্চত একত্ৰিত হোৱাৰ সুযোগ লাভ আৰু লগতে ভূপেন হাজৰিকাৰ সংগীতৰ মাধ্যমেৰে অসমৰ সাংস্কৃতিক ঐতিহ্য অধিক বিস্তাৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। সংগীতপ্ৰেমী, শিক্ষাৰ্থী আৰু আগ্ৰহী প্ৰতিযোগীসকলক আয়োজকসকলে সময়মতে নামভৰ্তি কৰি এই মহৎ উদ্যোগৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছে সভাপতি ড° নৱজ্যোতি গগৈ, উপ-সভাপতি সুনীল গগৈ আৰু সম্পাদক চন্দন পাঠক আৰু মিডিয়া উপদেষ্টা মানসজ্যোতি দত্ত আৰু ৰাতুল বুঢ়াগোহাঁইয়ে ৭০৮৬৬৭৪৩৬০/৯৬১৩৪৩৮১৩১/৯৪৩৫০৩৪৭৩৫ যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *