...

কামাখ্যা শইকীয়াক পৰ্য্যবেক্ষক হিছাপে দায়িত্ব অৰ্পণ

কামাখ্যা শইকীয়াক পৰ্য্যবেক্ষক হিছাপে দায়িত্ব অৰ্পণ

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ এদিনীয়া ক্ৰিকেটৰ পৰ্য্যবেক্ষক

চাইন অন ডেস্ক:

সমগ্ৰ অসমবাসীৰ লগতে ডিব্ৰুগড় বাসীলৈ সুখবৰ।
ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক কামাখ্যা শইকীয়াক ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ( বি চি চি আই ) অহা ৬ ডিচেম্বৰত বিশ্বাখাপট্টনমত অনুষ্ঠিত হবলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তৃতীয় খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ বাবে বি চি চি আইৰ পৰ্য্যবেক্ষক হিছাপে দায়িত্ব অৰ্পণ কৰিছে। উল্লেখযোগ্য যে প্ৰাক্তন ৰঞ্জী খেলুৱৈ, ক্ৰীড়া সংগঠক কামাখ্যা শইকীয়া অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন যুটীয়া সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ লগতে ক্ৰীড়া সংগঠন সমূহে তেখেতলৈ শুভেচ্ছা আৰু অভিনন্দন জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *