দক্ষিণ আফ্রিকাক হৰুৱাই ফাইনেলত প্ৰৱেশৰ লক্ষ্য ইংলেণ্ডৰ
বর্ষাপাৰাত আজি মহিলা বিশ্বকাপৰ প্ৰথম ছেমিফাইনেল
গুৱাহাটী:
মহিলা এদিনীয়া বিশ্বকাপৰ প্রথমখন ছেমিফাইনেলৰ বাবে সম্পূর্ণ সাজু বর্ষাপাৰাৰ এচিএ ক্রিকেট স্টেডিয়াম। আইচিচিৰ সম্মানীয় প্ৰতিযোগিতাখনৰ আজি গুৱাহাটীত হ’বলগীয়া প্ৰথমখন ছেমিফাইনেলত মুখামুখি হ’ব চাৰিবাৰৰ চেম্পিয়ন ইংলেণ্ড আৰু দক্ষিণ আফ্রিকা। কাইলৈৰ ছেমিত ইংলেণ্ডক ফেভাৰিট হিচাপে আখ্যা দিয়া হৈছে। কিয়নো, ইংলেন্ডে বর্ষাপাৰাত ইতিমধ্যে খেলা লীগৰ দুয়োখন মেচতে জয়ৰ সোৱাদ লাভ কৰিছে। ইফালে, বর্ষাপাৰাত ইংৰাজ বাহিনীয়ে দক্ষিণ আফ্রিকাক শোচনীয়ভাৱে পৰাস্তও কৰিছিল। গতিকে, ইংলেণ্ড দলটোক আজিৰ মেচখনত ফেভাৰিট হিচাপে আখ্যা দিয়া হৈছে। স্পীনাৰৰ প্ৰতি দুর্বলতা থকা প্রটিয়াজ বাহিনীক বশ কৰাৰ বাবে ইংলেণ্ডে কাইলৈৰ মূল একাদশত কেইবাগৰাকীও স্পীনাৰক

খেলৰ সময়: দিনৰ ৩ বজাত।