...

অধিনায়ক সূৰ্যৰ প্ৰদৰ্শন, ফিল্ডিঙক লৈ চিন্তিত ভাৰতীয় দল

Spread the love

 

 

অধিনায়ক সূৰ্যৰ প্ৰদৰ্শন, ফিল্ডিঙক লৈ চিন্তিত ভাৰতীয় দল

 

 

ভাৰত-অষ্ট্ৰেলিয়াৰ আজি প্রথম টি-২০

 

 

কেনবেৰা:

এদিনীয়া শৃংখলাত পৰাজিত হ’লেও আজিৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাত উন্নত প্রদর্শন দাঙি ধৰাৰ লক্ষ্য লৈছে টীম ইণ্ডিয়াই। ঘৰুৱা দল অস্ট্রেলিয়া আৰু টীম ইণ্ডিয়াৰ মাজৰ ৫খনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন মেচ আজি কেনবেৰাত অনুষ্ঠিত হ’ব। অহা বর্ষত হ’বলগীয়া টি-২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া

টি-২০ শৃংখলাটোৰ পৰাই প্রস্তুতি আৰম্ভ কৰাৰ লক্ষ্য লৈছে। কেনবেৰাত আজি হ’বলগীয়া মেচখন সন্দর্ভত কালি সংবাদ মেল সম্বোধন কৰি ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱে কয়- ‘কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া শৃংখলাটোৰ পৰাই আমি আগন্তুক বিশ্বকাপৰ বাবে প্রস্তুতি চলাম। শৃংখলাটোত আমি অধিক গুৰুত্বসহকাৰে লৈছোঁ। এছিয়া কাপৰ পৰাই আমি বিশ্বকাপৰ বাবে প্রস্তুতি আৰম্ভ কৰিছোঁ। কেৱল এছিয়াৰ বাহিৰত খেলিবলৈ অহাৰ বাবে যে মই বেলেগ ধৰণে চিন্তা কৰিম এনে নহয়, এই শৃংখলাটোক মই বিশ্বকাপৰ প্ৰস্তুতি হিচাপে দেখিছোঁ। আমাৰ দলটোৰ বিশেষ পৰিৱৰ্তন নহয়। এছিয়াৰ বাহিৰতো দলটোৰ ভাৰসাম্য প্রায় একেই। অস্ট্রেলিয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু আছে আছোঁ।’ অধিনায়কগৰাকীয়ে লগতে কয় যে বিগত ৭খন টি-২০ত তেওঁ আশানুৰূপ প্রদর্শন দাঙি ধৰাত ব্যর্থ হৈছে। অৱশ্যে ইয়াক লৈ তেওঁ বিশেষ চিন্তিত নহয়। দলটোক কেনেদৰে জয়ৰ সোৱাদ দিব পাৰি তাক লৈহে পৰিকল্পনা ৰচা হৈছে। অৱশ্যে তেওঁ আৰম্ভহ’বলগীয়া শংখলাটোত নিজৰ ছন্দ ওভতাই পাব বুলি আশাবাদী। অষ্ট্ৰেলিয়াৰ দৰে দেশত খেলাটো প্রত্যাহ্বান বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ইয়াৰ পৰিৱেশৰ সৈতে খাপখোৱাটো গুৰুত্বপূর্ণ। কেইবছৰমানৰ পৰা আমি টি-২০ত যি ধৰণে খেলি আহিছোঁ এই ছিৰিজতো সেই ধাৰা অব্যাহত থাকিব। যশপ্রীত বুমৰাহৰ উপস্থিতিয়ে দলটোৰ বলিং শক্তি বহুখিনি বৃদ্ধি কৰিব বুলি সূর্যকুমাৰ যাদৱে ব্যক্ত কৰে। অৱশ্যে শৃংখলাটোত জয়লাভ কৰিবলৈ হ’লে দলটোরে ফিল্ডিঙত অধিক গুৰুত্ব দিব লাগিব। কাৰণ, কেইবাখনো মেচত সতীর্থসকলে দুৰ্বল ফিল্ডিং কৰিছে। কেইবাটাও কেচ ধৰাত ব্যর্থ হৈছে। মেচ এখনত জিকিবলৈ হ’লে ভাল ফিল্ডিং কৰিবই লাগিব বুলি সূর্যকুমাৰে ব্যক্ত কৰে।

খেলৰ সময়: দিনৰ ১.৪৫ বজাত।

Leave a Reply

Your email address will not be published. Required fields are marked *