...

এমপ্লইজ ইউনিয়নৰ ক্ষেত্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠক সমাপ্ত

এমপ্লইজ ইউনিয়নৰ ক্ষেত্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠক সমাপ্ত

OPS পুনৰ বাহাল নোহোৱালৈকে আন্দোলন অব্যাহত ৰখাৰ সিদ্ধান্ত

চাইন অন ডেস্ক,২৫আগষ্ট:

উত্তৰ-পূৱ সীমান্ত ৰে’লৱে এমপ্লইজ ইউনিয়ন (NFREU)-ৰ ১৭৮সংখ্যক গুৰুত্বপূৰ্ণ ক্ষেত্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠকৰ লগতে ডিব্ৰুগড় কাৰখানা শাখা আৰু ডিব্ৰুগড় টাউন শাখাৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন ২৩, ২৪ আৰু ২৫ আগষ্টত ডিব্ৰুগড় জিলা পুথিভঁৰালত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয়।
২৩ আগষ্টত পতাকা উত্তোলনৰ পিছত স্মৃতি তৰ্পণ, জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তিনিচুকীয়া সংমণ্ডলৰ সভাপতি তুষাৰ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা এটি কোৰাছেৰে শুভাৰম্ভ কৰা হয়।
সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক মুনিন্দ্ৰ শইকীয়াই ৰে’লৱে কৰ্মচাৰীসকলৰ কল্যাণৰ সৈতে জড়িত বিভিন্ন বিষয়ত ইউনিয়নে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে বিস্তৃতভাৱে বক্তব্য আগবঢ়ায়। ৰে’ল প্ৰশাসন, চৰকাৰ তথা অষ্টম বেতন আয়োগৰ ওচৰত কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা আৰু দাবীসমূহ সুক্ষ্ম বিশ্লেষণ আৰু যুক্তিপূৰ্ণভাৱে উপস্থাপন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। বানপানীত ক্ষতিগ্ৰস্ত ৰে’লৱে কৰ্মচাৰীসকলক ন্যূনতম এক লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিবলৈও তেওঁ চৰকাৰৰ ওচৰত দাবী জনায়।
ডিব্ৰুগড় কাৰখানা শাখাৰ নতুন সমিতি
দুয়োখন শাখাৰ প্ৰতিনিধি সভাত আগন্তুক দুবছৰৰ কাৰ্যকালৰ বাবে নতুন সমিতি নিৰ্বাচন কৰা হয়। ডিব্ৰুগড় কাৰখানা শাখাৰ সভাপতি হিচাপে সোনমনি দিহিঙ্গীয়া, কাৰ্যকৰী সভাপতি হিচাপে ধমেশ্বৰ কামান, উপ-সভাপতি হিচাপে নৱ চেতিয়া, প্ৰসন্ন দাস আৰু মনোজ দত্ত, সম্পাদক হিচাপে দিপমনি শইকীয়া আৰু যুটীয়া সম্পাদক হিচাপে উদীপ ৰাজবংশী, ধীৰাজ কোঁৱৰ আৰু নয়নজ্যোতি হাজৰিকা নিৰ্বাচিত হয়।
সহকাৰী সম্পাদক হিচাপে নীৰজ কুমাৰ, প্ৰণিতা সন্দিকৈ আৰু ধীৰেন টাইড, সাংগঠনিক সম্পাদক হিচাপে অপু দাস, কিৰণ দিহিঙ্গীয়া, ভগৱান পাল আৰু জোনমনি হিলৈধাৰী নিৰ্বাচিত হয়। সূৰ্য সোনোৱালক কোষাধ্যক্ষ আৰু মুকুন্দ কলিতাক কাৰ্যালয় সম্পাদক হিচাপে দায়িত্ব দিয়া হয়।
শাখাৰ প্ৰাক্তন সভাপতি জীৱন বৰাক তিনিচুকীয়া সংমণ্ডলৰ উপ-সভাপতি হিচাপে মনোনীত কৰা হয়।
ডিব্ৰুগড় টাউন শাখাৰ নতুন সমিতি
একেদৰে ডিব্ৰুগড় টাউন শাখাৰ সভাপতি হিচাপে ৰাজশ্ৰী ভট্টাচাৰ্য, কাৰ্যকৰী সভাপতি হিচাপে ৰাজীৱ দুৱৰা আৰু সম্পাদক হিচাপে চিত্ৰকমল বৰা নিৰ্বাচিত হয়। লগতে দিলীপ দাস, দিগন্ত দত্ত, ৰমেন গগৈ, সৌৰভ বৰুৱা আদিক বিভিন্ন দায়িত্বত নিৰ্বাচিত কৰি এখন শক্তিশালী সমিতি গঠন কৰা হয়।
২৩ আগষ্টৰ সন্ধিয়া ৬ বজাৰ পৰা ২০২৬ বৰ্ষত সুখ্যাতিৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰে’লৱে কৰ্মচাৰীসকলৰ সন্তানসকলক অভিনন্দন জনোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ৰে’লৱে কৰ্মচাৰী আৰু তেওঁলোকৰ সন্তানসকলক সম্বৰ্ধনা জনোৱা হয়।
এই অনুষ্ঠানতে এমপ্লইজ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা নেশ্যনেল ফেডাৰেচন অৱ ইণ্ডিয়ান ৰে’লৱে মেনৰ উপ-সভাপতি মুনিন্দ্ৰ শইকীয়াই কলকাতা মেট্ৰ’ ৰে’লৱে ৱৰ্কাৰ্ছ কংগ্ৰেছৰ সন্মানীয় সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ডিব্ৰুগড় কাৰখানা শাখাৰ তৰফৰ পৰা বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ পৰা এই সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে তেওঁৰ এই নিৰ্বাচনক অনুষ্ঠানত বিশেষভাৱে আদৰণি জনোৱা হয়।
প্ৰথম দিনৰ কাৰ্যসূচী আঁত ধৰে তিনিচুকীয়া সংমণ্ডলৰ নেতা ড° দেৱৰ্ষি মোহন নেওগে। তেওঁ ৰে’লৱে কৰ্মচাৰীসকলক সামাজিক আৰু ভৱিষ্যৎ নিৰাপত্তাৰ স্বাৰ্থত ঐক্যবদ্ধ হৈ পুৰণি পেন্সন ব্যৱস্থা পুনৰ বাহাল ৰখাৰ দাবীত এমপ্লইজ ইউনিয়নে চলাই অহা আন্দোলনত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
ইয়াৰ উপৰি ঐতিহাসিক ডিব্ৰুগড় চহৰখনক গৰাখহনীয়াৰ পৰা সুৰক্ষা দিয়াৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে গৰাখহনীয়া পৰ্যবেক্ষণ কৰি প্ৰয়োজনীয় শৈল স্পাৰ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱা হয়। নিশালৈ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ সামৰণি পৰে।
OPS পুনৰ বাহালৰ দাবীত আন্দোলন অব্যাহত ৰখাৰ সিদ্ধান্ত
২৪ আগষ্টৰ পুৱা ৯ বজাত কেন্দ্ৰীয় সমিতিৰ সভাপতি পাৰ্থ ভৌমিকে ইউনিয়নৰ পতাকা উত্তোলন কৰে আৰু সম্পাদক মুনিন্দ্ৰ শইকীয়াই স্মৃতি তৰ্পণ কৰে। ইয়াৰ পিছতে ১৭৮সংখ্যক ক্ষেত্ৰীয় কাৰ্যকৰী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
তিনিচুকীয়া, ৰঙিয়া, লামডিং, কাটিহাৰ আৰু আলিপুৰদুৱাৰ ডিভিজনৰ পৰা অহা পাঁচ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত অষ্টম বেতন আয়োগ শীঘ্ৰে কাৰ্যকৰী কৰা, পুৰণি পেন্সন ব্যৱস্থা পুনৰ বাহাল কৰা, সপ্তম বেতন আয়োগৰ ভিত্তিত বোনাছ প্ৰদান কৰা, খালী হৈ থকা পদসমূহত শীঘ্ৰে নিযুক্তি দিয়া আদি বিভিন্ন মৌলিক বিষয়ৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়।
বৈঠকত ৰে’লৱে কৰ্মচাৰীসকলে Old Pension Scheme (OPS) পুনৰ বাহাল কৰাৰ দাবীত চলি থকা আন্দোলন অব্যাহত ৰখাৰ পোষকতা কৰে। সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক মুনিন্দ্ৰ শইকীয়াই স্পষ্ট কৰি দিয়ে যে OPS-ৰ বিকল্প হিচাপে Unified Pension Scheme (UPS) গ্ৰহণযোগ্য নহয় আৰু পুৰণি পেন্সন ব্যৱস্থা পুনৰ বাহাল নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব।
নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানেৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সামৰণি পৰে।
সামগ্ৰিকভাৱে তিনিদিনীয়া এই কাৰ্যসূচীত ৰে’লৱে কৰ্মচাৰীসকলৰ অধিকাৰ, সামাজিক সুৰক্ষা, পেন্সন ব্যৱস্থা, বেতন-ভাত্তা, নিযুক্তি আৰু কৰ্মচাৰী কল্যাণৰ বিভিন্ন বিষয়ত ঐক্যবদ্ধভাৱে সংগ্ৰাম আগবঢ়াই নিয়াৰ সংকল্প গ্ৰহণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *