প্ৰেম অন্ধ নে ব্যৱসায় ?
প্রেমিকাক সন্তুষ্ট কৰিবলৈ পুত্ৰই বিক্ৰী কৰিলে পিতৃ-মাতৃৰ অলংকাৰ !
চাইন অন ডেস্ক,২৫আগষ্ট:
প্ৰেম অন্ধ! প্ৰেমৰ আগত কোনো ভাল-বেয়া একো মনিব নোৱাৰে। এতিয়া প্ৰেম যেন এক ব্যৱসায় হৈ পৰিছে।একাংশ প্ৰেমত মত্ত হৈ জীৱনৰ লগতে পৰিয়ালৰ সকলোকে জলাঞ্জলি দিছে! হায়! প্ৰেম ! যুৱপ্ৰজন্মৰ স্খলনৰ এক ভয়ংকৰ ঘটনাই পুনৰ জোকাৰিছে যোৰহাট। এগৰাকী ছলনাময়ী যুৱতীক সন্তুষ্ট কৰিবৰ বাবেই নিজৰ ঘৰতেই লুটপাত চলালে এজন যুৱকে। পিতৃ-মাতৃৰ জীৱনত উপার্জিত সমস্ত অলংকাৰ আৰু নগদ ধনেৰে যুবতীগৰাকীৰ সৈতে যুৱকজনে পাৰ কৰিলে ব্যক্তিগত জীৱন। এই ভয়ংকৰ
ঘটনা সংঘটিত কৰা যুৱকজন যোৰহাটৰ য়শ ধুনুকা। উল্লেখ্য যে যুৱকজনৰ পিতৃ যোৰহাটৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী। ২৮ জুলাইত যুৱকজনৰ পিতৃ আৰু মাতৃ পৰিয়ালৰ এক অনুষ্ঠানত 
সদৰী কৰে। তেতিয়া প’র্টেল সাংবাদিক জিতেন্দ্ৰ সোমানি আৰু ৰোহিত প্ৰসাদে তেওঁলোকৰ লকাৰত থকা পিতৃ-মাতৃৰ অলংকাৰ তেওঁলোক নথকাৰ সময়তে বিক্ৰী কৰিবলৈ পৰামৰ্শ দিয়ে। এই অলংকাৰ গহনাৰ দোকানত বিক্ৰী কৰিবলৈ দায়িত্ব লয় জিতেন্দ্র সোমানিয়ে। সেইদিনাই দুজন ব্যক্তিৰ সহযোগত লকাৰ ভাঙি য়শ ধুনুকাই তাত থকা নগদ ডেৰ লাখ থকা আৰু সোণৰ অলংকাৰ উলিয়ায়। ইয়াৰ পিছত অলংকাৰসমূহ এদিন এদিনকৈ দুদিন জিতেন্দ্র সোমানিক য়শ ধুনুকাই অলংকাৰ দিছিল আৰু সন্ধিয়া হ’লেই সোমানিয়ে অলংকাৰ বিক্ৰী কৰি দুদিনত প্রায় সাত লাখ টকা দিয়ে। কিন্তু যিসমূহ অলংকাৰৰ মূল্য আছিল প্রায় ৬০ লাখৰ অধিক। অলংকাৰ বিক্ৰীৰ টকাৰে য়শ ধুনুকাই তেওঁৰ প্ৰেমিকাক ডেৰ লাখ টকাৰ এটা আইফোন উপহাৰ দিছিল। তদুপৰি যুৱতীগৰাকীক অৰুণাচল ফুৰিবলৈ এক লাখ আৰু দুবাৰ পঞ্চাশ হাজাৰলৈ এক লাখ টকা দিছিল। এই দিনকেইটাত যুৱকজনে প্রেমিকাক প্রায় পাঁচ লাখ টকাৰ উপহাৰসহ নগদ টকা দিছিল। তদুপৰি তেওঁলোক দুয়ো যোৰহাটত তিনিটা হোমষ্টে’ত থকাৰ লগতে এখন বিলাসী হোটেলতো নৈশ যাপন কৰিছিল বুলি য়শ ধুনুকাই জানিবলৈ দিয়ে। যোৰহাটৰ যুৱতীগৰাকীৰ সৈতে প্রায় ছয়-সাত বছৰৰ চিনাকি সূত্ৰে যুৱকজনে এই সমস্ত ধন উৰুৱাই দিছিল। কিন্তু শেষত যুৱতীৰ প্ৰতাৰণাৰ বলি হ’ল যুৱকজন। এই ঘটনা সংঘটিত হোৱাৰ পিছত যুৱকজন আহমেদাবাদলৈ গৈছিল আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি যোৰহাটলৈ লৈ আহে। এই সমগ্র ঘটনা সন্দৰ্ভত যুৱকজনৰ পিতৃয়ে আৰক্ষীৰ কাষ চাপিছে আৰু আৰক্ষীয়ে বিষয়টোৰ অনুসন্ধান আৰম্ভ কৰিছে। ইফালে, এই ঘটনাৰ সন্দৰ্ভত প’র্টেল সাংবাদিক জিতেন্দ্ৰ সোমনিয়ে অস্বীকাৰ কৰিছে। তেওঁ জানিবলৈ দিয়া মতে, এই সমগ্ৰ পৰিকল্পনা য়শ ধুনকাই কৰিছিল। তেওঁ মাত্ৰ অলংকাৰ বিক্ৰীৰ বাবে যোগাযোগহে কৰি দিছিল। ইতিমধ্য অলংকাৰ বিক্ৰীৰ বাবত পোৱা ১২ লাখ টকা য়শক দিয়া হৈছে বুলি জানিবলৈ দিছে। ড্ৰাগছ, সুৰা আৰু সুন্দৰী নাৰীৰ কবলত এতিয়া যোৰহাটৰ একাংশ যুৱকৰ বিপথগামী যাত্ৰাই যোৰহাটত এক ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বহন কৰিছে।
