...

ধুবুৰীত বুজন পৰিমাণৰ সন্দেহজনক ড্ৰাগছ!

ধুবুৰীত বুজন পৰিমাণৰ সন্দেহজনক ড্ৰাগছ!

নিচাজাতীয় টেবলেটসহ যুৱক আটক

ধুবুৰী,২১নৱেম্বৰ:

যোৱানিশা ধুবুৰীত আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী এক অভিযানত বুজন পৰিমাণৰ সন্দেহজনক নিচাজাতীয় টেবলেটসহ এজন যুৱকক আটক হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, এক গোপন তথ্যৰ ভিত্তিত যোৱা নিশা ধুবুৰীৰ কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিপাশ্ৰী ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ধুবুৰী চহৰৰ আই জি ৰোড অঞ্চলত এক অভিযান চলাইছিল। সেই অভিযানটোত আৰক্ষীৰ দলটোৱে ২০০টাকৈ সন্দেহজনক নিচাযুক্ত টেবলেটসহ এজন যুৱকক হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত সেই যুৱকজন ইছমাইল শ্বেখ বুলি প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *