...

মহাপুৰুষ গৰাকী আমাৰ সাহস- তেওঁৰ সৃষ্টি ৰাজি আমাৰ প্ৰেৰণা: সাংবাদিক-সম্পাদক নৰেশ কলিতা

মহাপুৰুষ গৰাকী আমাৰ সাহস- তেওঁৰ সৃষ্টি ৰাজি আমাৰ প্ৰেৰণা: সাংবাদিক-সম্পাদক নৰেশ কলিতা

পুৰণিগুদামত সদৌ অসম সত্ৰ মহাসভাৰ সত্ৰ আৰু নামঘৰ সমাৰোহ

নৰেশ কলিতাক সংবাদ ৰত্ন, প্ৰণৱজ্যোতি দত্ত,তপন কটকী,প্ৰমোদ কুমাৰ শৰ্মাক সংবাদ জ্যোতি বঁটা প্ৰদান

পুৰণিগুদাম,২১নৱেম্বৰ:

নগাঁও জিলাৰ পুৰণিগুদাম ভীমৰগাঁও স্থিত নামঘৰ আৰু পুৰণিগুদাম ড: ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত কালিৰে পৰা চাৰিদিনীয়াকৈ আৰম্ভ হৈছে সদৌ অসম সত্ৰ মহাসভা আৰু সদৌ অসম সত্ৰ মহাসভাৰ
 ভাতৃ সংগঠন সদৌ অসম নামঘৰ মহাসভাৰ সদৌ অসম সত্ৰ আৰু নামঘৰ সমাৰোহ।পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সত্ৰাধিকাৰ ,নামঘৰীয়া, আইমাতৃ ভকত বৈষ্ণৱৰ উপস্থিতিত এক ভক্তিমাৰ্গৰ 
উদুলি মুদুলি পৰিবেশেৰে আৰম্ভ হোৱা এই সমাৰোহৰ পুৱা পতাকা উত্তোলন কৰে সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে।পুৱা দহ বজাত স্মৃতি তৰ্পন কৰে সদৌ অসম 
সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়ে।ইয়াৰ পিছতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ ৰাইজ আৰু স্থানীয় ভক্তপ্ৰাণ ৰাইজৰ
 সহযোগত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।এই সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়ে।দুপৰীয়া অনুষ্ঠিত হয় উদ্বোধনী সভা।অসমৰ বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰ 
সকলৰ লগতে ভকত বৈষ্ণৱৰ উপস্থিতিত অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে।সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা। 
বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীত ,বৰগীত, সত্ৰীয়া নৃত্য আদি পৰিবেশনেৰে জীপাল হৈ থকা ভক্তিমাৰ্গৰ পৰিবেশত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক, বিশিষ্ট সাংবাদিক নৰেশ কলিতাই 
কয় মহাপুৰুষ জনাৰ সৃষ্টি ৰাজি আমি উদাৰতাৰে গ্ৰহন কৰিব লাগিব।জাতিটোক সমৃদ্ধ কৰিবলৈ হ'লে প্ৰতিটো জাতি জনগোষ্ঠীক আমি আঁকোৱালি ল'ব লাগিব। মহাপুৰুষ গৰাকী আমাৰ সাহস তেওঁৰ সৃষ্টি ৰাজি আমাৰ প্ৰেৰণা
 বুলি উল্লেখ কৰে।ভাষণ প্ৰসংগত বিশিষ্ট সাংবাদিক কলিতাই আৰু কয় সদৌ অসম সত্ৰ মহাসভাৰ সত্ৰ আৰু নামঘৰ সমাৰোহত বিভিন্ন জাতি জনগোষ্ঠীৰ গীত নৃত্য পৰিবেশন হোৱাটো এক উদাৰতাৰ পৰিচয়।ভাষণ 
প্ৰসংগত তেওঁ আৰু কয় অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰাৰ ক্ষেত্ৰত গুৰুজনাৰ অৱদান উল্লেখযোগ্য।৬০০ বছৰ পূৰ্বে গুৰুজনাই দি থৈ যোৱা নাটক, সাহিত্য, নৃত্য, লোকবাদ্য আদি অনবদ্য অৱদানৰ 
বাবেই অসমীয়া জাতিয়ে আজি মূৰ তুলি থিয় হৈ থাকিব পাৰিছে বুলি উল্লেখ কৰে। সদৌ অসম সত্ৰ আৰু নামঘৰ সমাৰোহত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সাংবাদিক তথা নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক 
নৰেশ কলিতাক 'সংবাদ ৰত্ন বটাঁ' প্ৰদান কৰাৰ লগতে দৈনিক জনমভূমিৰ গুৱাহাটীৰ জেষ্ঠ সাংবাদিক প্ৰণৱজ্যোতি দত্তক 'সংবাদ জ্যোতি বঁটা' প্ৰদান কৰাৰ উপৰিও পুৰণিগুদামৰ জেষ্ঠ সাংবাদিক তপন কটকী আৰু 
নিয়মীয়া বাৰ্তাৰ চামগুৰিৰ সাংবাদিক প্ৰমোদ কুমাৰ শৰ্মাকো 'সংবাদ জ্যোতি বঁটা' প্ৰদান কৰে। উল্লেখযোগ্য যে অসমৰ ১২১৫ খন সত্ৰ আৰু ২৩০০০ নামঘৰৰ উমৈহতীয়া সংগঠন সদৌ অসম সত্ৰ মহাসভাই গুৰুজনাৰ সৃষ্টিৰাজিক 
বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰি আহিছে।অসমৰ চুকে কোনে থকা সত্ৰ আৰু নামঘৰ সমূহৰ বিভিন্ন সমস্যাৰাজিক গুৰুত্ব আৰোপ কৰি সত্ৰাধিকাৰ ,নামঘৰীয়া ,
গায়ন বায়নৰ বিভিন্ন সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহন কৰাৰ প্ৰয়াস কৰিছে। চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা সত্ৰ আৰু নামঘৰ সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় বিশ হাজাৰ সত্ৰাধিকাৰ,নামঘৰীয়া,
গায়ন বায়নৰ লগতে ভকত বৈষ্ণৱ উপস্থিত থাকিব বুলি সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক, সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়ে জানিবলৈ দিয়ে।অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত , বৈষ্ণৱ থকাৰ সু ব্যৱস্থা কৰিছে 
উদযাপন সমিতিয়ে। চাৰিদিনীয়া কাৰ্যসূচীত অসমৰ ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজনো মন্ত্ৰী,বিধায়কৰ লগতে দেশৰ বাহিৰৰ চাৰিগৰাকী বিশিষ্ট গৱেষক পণ্ডিত উপস্থিত থাকিব।
কালি নিশা বাচকবনীয়া শিল্পীৰ দ্বাৰা “পাৰিজাত হৰণ “ অংকীয়া ভাওনা অনুষ্ঠিত হয় বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *