...

অসম সাহিত্য সভাৰ ২০২৭-২৯ বৰ্ষৰ বিষয়ববীয়া নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ

অসম সাহিত্য সভাৰ ২০২৭-২৯ বৰ্ষৰ বিষয়ববীয়া নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ

কেৱল স্পীড পোষ্ট যোগেহে পঠিয়াব লাগিব বেলট কাগজ
গ্ৰহণযোগ্য নহ’ব সাধাৰণ পোষ্টযোগে পঠিওৱা বেলট কাগজ

চাইন অন ডেস্ক,২১ নৱেম্বৰ :

অসম সাহিত্য সভাৰ ২০২৭ -২৯ বৰ্ষৰ বিষয়বিবীয়া নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ২১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব। অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত তথা বৈধ জিলা আৰু শাখা সাহিত্য সভাসমূহে নিৰ্বাচনী সমিতিয়ে পঠিওৱা নীতি- নিৰ্দেশনা অনুসৰি ভোটদান কাৰ্য সম্পন্ন কৰিব লাগিব। সংশ্লিষ্ট জিলা আৰু শাখা সাহিত্য সভাসমূহে নিৰ্ধাৰিত ৪ ডিচেম্বৰৰ ভিতৰত ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰি লাগিব। ভোটদানৰ পাছত বেলট কাগজ আদি ৫ ডিচেম্বৰৰ দিনা ৰাতিপুৱা দহ বজাৰ আগতে পোৱাকৈ যোৰহাটৰ প্ৰধান ডাকঘৰত স্থাপন কৰা পোষ্ট বক্স নং ৩১ লৈ স্পীড পোষ্ট যোগে পঠিয়াব লাগিব।এই সংক্ৰান্তত ভাৰতীয় ডাক বিভাগৰ অসম চাৰ্কোলে অসমৰ সকলো ডাকঘৰলৈ উক্ত পোষ্ট বক্সলৈ পঠিওৱা পত্ৰ গ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় নিৰ্দেশনা প্ৰেৰণ কৰিছে। সংশ্লিষ্ট জিলা সাহিত্য সভা সমূহলৈও ডাক বিভাগৰ নিৰ্দেশনাৰ কপি প্ৰেৰণৰ ব্যৱস্থা কৰিছে। ৫ ডিচেম্বৰৰ দিনা পুৱা ১০ বজাৰ পাছত পোৱা তেনে স্পীড পোষ্ট পত্ৰ গ্ৰহণ কৰা নহ’ব। কাৰণ ৫ ডিচেম্বৰত পুৱা দহ বজাত বেলট বাকচ ছীল কৰা হ’ব। সাধাৰণ পোষ্টযোগে পঠিওৱা কোনো বেলট কাগজ আদি গ্ৰহণযোগ্য নহ’ব। সেয়ে সংশ্লিষ্ট সকলোকে যথাসম্ভৱ সোনকালে ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰি বেলট কাগজ আদি স্পীড পোষ্টত পঠিয়াবলৈ নিৰ্বাচনী সমিতিয়ে অনুৰোধ জনাইছে। নিৰ্বাচনী সমিতিয়ে জনাইছে যে ইতিমধ্যে সকলো যোগ্য ভোটাৰলৈ নিৰ্বাচনী সা- সামগ্ৰী প্ৰেৰণ কৰা হৈছে। আনহাতে অসম সাহিত্য সভাই যোগান ধৰা ঠিকনা অনুসৰি অসমৰ বাহিৰৰ শাখালৈকেও বেলট পেপাৰ আদি প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। আনহাতে অসম সাহিত্য সভাৰ ২০২৭-২৯ বৰ্ষৰ উপ-সভাপতি পদৰ প্ৰাৰ্থী প্ৰফুল্ল বৰ্মনৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ তুলি দাখিল কৰা দুটা অভিযোগ সন্দৰ্ভত অভিযোগকাৰীৰ অভিযোগৰ বিশ্বাসযোগ্যতা বিচাৰি নোপোৱাত বৰ্মনৰ বিৰুদ্ধে কোনো নিৰ্দেশনা নিৰ্বাচনী সমিতিয়ে জাৰি কৰাৰ প্ৰয়োজন বোধ নকৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *