ডিব্ৰুগড়ত ভোটাৰ তথ্য পত্ৰ বিতৰণ সাধাৰণ পৰ্যবেক্ষকৰ ভোটকেন্দ্ৰ পৰিদৰ্শন চাইন অন ডেস্ক: আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ডিব্ৰুগড় নিৰ্বাচনী জিলাত ভোটাৰসকলৰ সুবিধাৰ্থে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। নিৰ্বাচনৰ দিনা নিজৰ ভোটকেন্দ্ৰ বিচাৰি উলিওৱাত যাতে কোনো অসুবিধা নহয়, সেই উদ্দেশ্যে প্ৰতিগৰাকী ভোটাৰক তেওঁলোকৰ ভোটকেন্দ্ৰৰ সবিশেষ, ভাগ নম্বৰ (Part Number) আৰু ক্ৰমিক নম্বৰ (Serial Number) সম্বলিত ভোটাৰ তথ্য পত্ৰ (Voter Information Slips) বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
এই নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’বলৈ ৩০ মাৰ্চ তাৰিখে ডিব্ৰুগড় জিলাৰ বিভিন্ন ভোটকেন্দ্ৰ পৰিদৰ্শন কৰে ভাৰতীয় নিৰ্বাচন আয়োগৰ দ্বাৰা নিযুক্ত সাধাৰণ পৰ্যবেক্ষক (General Observer) টি. এন. ভেংকটেশে (IAS)। ৮৭-চাবুৱা-লাহোৱাল, ৮৮-ডিব্ৰুগড় আৰু ৮৯-খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি নিৰ্বাচনী ব্যৱস্থাপনাৰ পৰ্যালোচনা কৰে।
পৰিদৰ্শন কালত পৰ্যবেক্ষকগৰাকীয়ে ভোটাৰসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে কেইবাজনো ভোটাৰক নিজ হাতে ‘ভোটাৰ তথ্য পত্ৰ’ (Voter Information SLIPS – VIS ) বিতৰণ কৰে। উল্লেখ্য যে, এই তথ্য পত্ৰসমূহে ভোটাৰসকলক নিৰ্বাচনৰ দিনা অতি সহজতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাত সহায় কৰিব।
Like this: Like Loading...