...

সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা শ্ৰেষ্ঠ নামতীৰ সন্মান দুলীয়াজানৰ চেমনীয়া হিৰকজ্যোতি দত্তলৈ

সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা

শ্ৰেষ্ঠ নামতীৰ সন্মান দুলীয়াজানৰ চেমনীয়া হিৰকজ্যোতি দত্তলৈ

দুলীয়াজান:

শ্ৰীশ্ৰী আউনীআটীয় সত্ৰ কলিয়াপানীত ভাদ মাহৰ উপলক্ষে মাহজোৰা কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। এই প্ৰতিযোগিতাতে শ্ৰেষ্ঠ নামতিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে দুলীয়াজান টিপলিং-ৰ সপ্তসুৰ চেমনীয়া দিহানাম দলৰ নামতী তথা সপ্তসুৰ আধ্যাত্মিক সাহিত্য-সংস্কৃতি সাধনা কেন্দ্ৰৰ ছাত্ৰ হিৰকজ্যোতি দত্তয়ে । মুকলি শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাখনিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা ১২৫ টা দলে অংশগ্ৰহণ কৰিছিল। যোৱা অন্তিম ভাদত সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ পৰা শ্ৰেষ্ঠ নামতি বঁটা গ্ৰহণ কৰে হিৰকজ্যোতিয়ে। উক্ত বঁটাত আছে এটি স্মাৰক সহ স্বৰ্ণ মেডেল, এখনি মানপত্ৰ লগতে নগদ পাঁচহাজাৰ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *