...

ডিব্ৰুগড়ত উৎসৱমুখৰ পৰিৱেশ শ্ৰী শ্ৰী জগন্নাথদেৱৰ ৰথযাত্ৰা

ডিব্ৰুগড়ত উৎসৱমুখৰ পৰিৱেশ শ্ৰী শ্ৰী জগন্নাথদেৱৰ ৰথযাত্ৰা

চাইন অন ডেস্ক,১৭জুলাই:

ডিব্ৰুগড়ৰ খনিকৰত উৎসৱমুখৰ পৰিৱেশত শ্ৰী শ্ৰী জগন্নাথদেৱৰ ৰথযাত্ৰা। পৱিত্ৰ শ্ৰী শ্ৰী জগন্নাথদেৱৰ ৰথযাত্ৰা উপলক্ষে ডিব্ৰুগড়ৰ খনিকৰত অৱস্থিত পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত নিৰ্মিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জগন্নাথ মন্দিৰত কালি সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আনুষ্ঠানিকভাৱে ৰথযাত্ৰাৰ শুভাৰম্ভ কৰে।
বৈদিক মন্ত্ৰোচ্চাৰণ, পূজা-অৰ্চনা আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ মাজেৰে আৰম্ভ হোৱা ৰথযাত্ৰাত কেইবা সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰি ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ আশীৰ্বাদ লাভ কৰে। ৰঙীন শোভাযাত্ৰা, ভক্তিমূলক সংগীত আৰু “জয় জগন্নাথ” ধ্বনিৰে সমগ্ৰ মন্দিৰ চৌহদ আৰু আশে-পাশে অঞ্চল ভক্তিময় পৰিৱেশেৰে মুখৰিত হৈ উঠে।
প্ৰতি বছৰৰ দৰেই এইবাৰো ৰথযাত্ৰাই ডিব্ৰুগড়ৰ অন্যতম বৃহৎ ধৰ্মীয় সমাৱেশৰ ৰূপ লয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাহিৰৰ ৰাজ্যৰ পৰাও অসংখ্য ভক্ত এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ আহে।

Leave a Reply

Your email address will not be published. Required fields are marked *