আটছাৰ তীব্ৰ প্ৰতিবাদত কঁপিল ডিব্ৰুগড় মহানগৰ
নীতিবহিৰ্ভূতভাৱে চাহ বাগিচাৰ মাটি বিক্ৰী কৰা বাগিচাৰ মালিক পক্ষৰ বিৰুদ্ধে
গৰজি উঠিল অসম চাহ জনজাতি ছাত্ৰ সন্থা
চাইন অন ডেস্ক,২৮এপ্ৰিলঃ


আটছাই উত্থাপন কৰা অভিযোগ অনুসৰি চাহ নগৰী ডিব্ৰুগড় মহানগৰৰ ডিব্ৰুগড় পূৱ ৰাজহ চক্ৰ অধীনৰ বৰ্দ্ধিত গাভৰুপথাৰ ৱাৰ্ডৰ ১৬ নং পট্টাৰ ৪২ নং দাগ আৰু ৭১ নং পট্টাৰ ৪১ নং দাগৰ পাঁচ বিঘাতকৈ অধিক ভূমিত দক্ষিণ জালান নগৰ চাহ বাগিচাৰ লগতে জালান টি কোম্পানীৰ বাগিচা সমুহৰ প্ৰধান কাৰ্যালয় আছিল। কিন্তু চাহ শ্ৰমিকৰ অধিকাৰ প্ৰদত্ত এই ভূমিৰ পৰা চাহ বাগিচাৰ প্ৰধান কাৰ্যালয়টো সম্পূৰ্ণৰূপে ভাঙি ডিব্ৰুগড় পূৱ ৰাজহ চক্ৰ বিষয়াৰ হুকুম নং RECL/17/517/1025 শ্ৰেণী সংশোধনীকৰণৰ প্ৰস্তাৱৰ জৰিয়তে ২০২৫ চনৰ ২ আগষ্টত জালান নগৰ টি কোম্পানীৰ উক্ত ভূমি খিনিৰ ‘চাহ তলি’ৰ পৰা ১ম বেপাৰৰ ঠাইলৈ শ্ৰেণী পৰিবৰ্তন কৰি চক্ৰান্তমুলকভাৱে জে এছ বি কনষ্ট্ৰাকশ্যন আৰু অনান্য ব্যক্তিক বিক্ৰী কৰা হ’ল বুলি আটছাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লক্ষীন্দৰ কুমীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।তেওঁ 
আনহাতে বদ্ধিত গাভৰুপথাৰ ৱাৰ্ডৰ ১৬নং পট্টাৰ ৪২নং দাগ আৰু ৭১ নং পট্টাৰ ৪১ নং দাগৰ ভূমি চাহ তলিৰ পৰা ১ম বেপাৰৰ ঠাইলৈ শ্ৰেনী পৰিবৰ্তন কৰি মেডিকেল ৰোডত থকা জালান নগৰ বাগিচাখনৰ মুখ্য কাৰ্যালয়ৰ সমস্ত ভূমি বাণিজ্যিক আৱাস নিৰ্মাণৰ বাবে জে এছ বি কনষ্ট্ৰাকশ্যনক
