ধনুভাঙাত ভয়ংকৰ পথ দুৰ্ঘটনা
আক্ৰাছুৰ উপদেষ্টা শৰৎ দাসৰ মৃত্যু
চাইন অন ডেস্ক,৯জুলাইঃ
গোৱালপাৰা জিলাৰ ধনুভাঙাত দুখন বাইকৰ মাজত ভয়ংকৰ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত নিহত আক্ৰাছুৰ উপদেষ্টা শৰৎ দাসৰ ৷ এখন তীব্ৰ বেগী AS-18O- 0506 নম্বৰা এখন বাইকে আন এখন AS-18A- 6537 নম্বৰৰ বাইকক তীব্ৰ জোৰত পিছ ফালৰ পৰা খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো ঘটে ৷ এই দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন বাইক আৰোহী আহত হয় ৷ ভয়ংকৰ বাইক দুৰ্ঘটনাটোত নিহত হয় আক্ৰাছুৰ
উপদেষ্টা শৰৎ দাস ৷ নিহত শৰৎ দাস আক্ৰাছুৰ উপদেষ্টাৰ লগতে এজন ব্যৱসায়ী আছিল ৷ আবেলি নিজ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা বাইকেৰে ঘৰলৈ গৈ থাকোঁতে ধনুভাঙাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী এখন বাইকে পিছফালৰ পৰা খুন্দা মাৰে ৷ ফলত ততাতৈয়াকৈ স্থানীয় ৰাইজে সংকটজনক অৱস্থাত দুয়ো বাইক আৰোহীক ৰংজুলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে যদিও শৰৎ দাসক চিকিৎসকে মৃত ঘোষণা কৰে ৷ নিহত আক্ৰাছুৰ গোৱালপাৰা জিলাৰ উপদেষ্টা শৰৎ দাসৰ ঘৰ ধনুভাঙাৰ জলাপাৰাত ৷ শৰৎ দাসে ধনুভাঙাত থকা নিজৰ ব্যৱসায় প্ৰতিষ্ঠান খোলা অৱস্থাত ৰাখিয়েই বিশেষ কামৰ বাবে ঘৰলৈ গৈ থাকোঁতে আকস্মিক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয় ৷ ঘৰ পোৱাৰ আগমহুৰ্তে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় শৰৎ দাসৰ।ইতিমধ্যে শৰৎ দাসৰ মৃত্যুত ধনুভাঙাৰ লগতে সমগ্ৰ গোৱালপাৰা জিলাত শোকৰ ছাঁ পৰিছে।
Like this:
Like Loading...