কোচ ৰজাই আহোমৰ বিৰুদ্ধে যুদ্ধ অভিযান চলাবলৈ সেনাপতি চিলাৰায়ৰ সতীয়া ভাতৃ গোহাঁই কমলে অতি কৌশলেৰে আনুমানিক ১৫৪৭ খ্ৰীষ্টাব্দত ঐতিহাসিক পথটো নিৰ্মাণ কৰিছিল।কালৰ সোঁতত আৰু পুনৰ্নিৰ্মাণ আৰু সংৰক্ষণৰ অভাৱত পথটোৰ মূল অস্তিত্ব বহু পৰিমাণে বিলুপ্ত হৈছে। তথাপিও অসমৰ বিভিন্ন প্ৰান্তত এতিয়াও ইয়াৰ ভগ্নাংশ দেখা যায়।তেনে এক অংশ ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ মৰাকুৰা অঞ্চলত বৰ্তমানো বিদ্যমান। পুনৰ্নিৰ্মাণ আৰু সংৰক্ষণৰ অভাৱত পথচোৱাৰ অৱস্থা অতি জৰাজীৰ্ণ হৈছে। বাৰিষাৰ কালছোৱাত পথচোৱাৰে সাধাৰণ ৰাইজৰ বাবে চলাচল প্ৰায় অসম্ভৱ হৈ পৰে । স্থানীয় লোকৰ মতে, মৰাকুৰা আৰু কয়াৰপাৰৰ এক বৃহত সংখ্যক ৰাইজে এই পথছোৱাৰে চলাচল কৰে। কিন্তু পথছোৱাৰ এঠাইত বাৰিষাৰ ঢলে উটুৱাই নিছে। যাৰ ফলত দীৰ্ঘদিনৰ পৰা বাৰিষাৰ সময়ত যাতায়তৰ নামত ৰাইজে দুৰ্ভোগ ভূগিব লগা হৈছে। ইয়াৰ উপৰিও, মহাৰাজ নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰ সতীয়া ভাতৃ গোহাঁই কমলে নিৰ্মাণ কৰা এই ঐতিহাসিক পথচোৱাৰ প্ৰতি কামতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদ সকলৰো উদাসীনতা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজে এই ঐতিহাসিক গোহাঁই কমল আলি পথচোৱা সংৰক্ষণ কৰাৰ লগতে পুনৰ্নিৰ্মাণ আৰু উন্নয়নৰ বাবে শাসনাধিষ্ঠ চৰকাৰক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আনহাতে এই স্থানত অতি শীঘ্ৰে এখন দলং নিৰ্মাণৰ বাবে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়নৰ মন্ত্ৰী তথা গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰলৈ দাবী জনাইছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.