...

বডোলেণ্ড ষ্টুডেণ্ট ইউনিয়ন আৰু বিপিএফ যুব কোষৰ উদ্যোগ

বডোলেণ্ড ষ্টুডেণ্ট ইউনিয়ন আৰু বিপিএফ যুব কোষৰ উদ্যোগ

যগদৈ হাই স্কুলত ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া গ্ৰীষ্মকালীন শিবিৰ

​দোতমা,৭জুলাই:

বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে । যাৰ বাবে এইবাৰ গ্ৰীষ্মৰ বন্ধত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিৰ শিক্ষাৰ্থী সকলোৰ ফলাফল উন্নত কৰিবলৈ লৈছে বিশেষ পদক্ষেপ । শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে আজিৰে পৰা যগদৈ হাই স্কুলত আৰম্ভ হৈছে এক বিনামূলীয়া গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰৰ কাৰ্যসূচী (Free Summer Coaching Classes)। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এই শিবিৰত অংশগ্ৰহণ কৰিব পাৰিব।
​কোকৰাঝাৰ জিলা সমিতি বিএছ ইউ আৰু ফকিৰাগ্ৰাম ব্লক সমিতি যুৱ বিপিএফ ৰ উদ্যোগত আয়োজন কৰা হৈছে এই শিবিৰ । শিক্ষাৰ মানদণ্ড উন্নত কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলক এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ প্ৰয়াসেৰে এই প্ৰশিক্ষণ আগবঢ়োৱা হৈছে বুলি জানিব পৰা গৈছে । শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক অগ্ৰাধিকাৰ দি যুৱ প্ৰজন্মক সবলীকৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। আজিৰ অনুষ্ঠানৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে ফকিৰাগ্ৰাম সমষ্টিৰ পাৰিষদ এজামূল হকে । উক্ত অনুষ্ঠানত বিপিএফ দলৰ কেন্দ্ৰীয় সম্পাদক ড: ৰেজাউল কৰিম , মহিলা নেত্ৰী ভাৰতী বসুমাতাৰী , অধ্যাপক ড: আনাৰুল ইছলাম , বিএছইউৰ কৰ্মকৰ্তা সকলো উপস্থিত থাকে । গ্ৰীষ্ম কালিন শিবিৰৰ শুভাৰম্ভনী অনুষ্ঠানত সভাপতিত্ব কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক দিলীপ কুমাৰ দাসে । উক্ত অনুষ্ঠানত যগদৈ ভিছিডিছিৰ অধ্যক্ষ উদয় ব্ৰহ্ম ইউনুচ আলী , যুব বিপিএফৰ কামাল উদ্দিন আহমেদ ,বিএছ ইউৰ নুৰ আলম , যুব কোষৰ কোকৰাঝাৰ জিলা সম্পাদক মিনাজুল আবেদিন আদি উপস্থিত থাকি অনুষ্ঠানৰ সফল ৰূপ দিয়ে । অনুষ্ঠানৰ শুভাৰম্ভ কৰি পাৰিষদ এজামূল হকে বিদ্যালয়খনত শিক্ষাৰ্থী সকলোক গৰমৰ পৰা পৰিত্ৰান দিবলৈ কেইবাখনো ফেন অনুদান হিচাপে যোগান ধৰিব বুলি ঘোষনা কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *