...

ডিব্ৰুগড়ত মেচ কছাৰী স্বায়ত্ব শাসন শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত সংবাদ মেল

Spread the love

ডিব্ৰুগড়ত মেচ কছাৰী স্বায়ত্ব শাসন শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত সংবাদ মেল

মুখ্যমন্ত্ৰীক ধন্যবাদ
মেচ কছাৰী জাতীয় পৰিষদৰ

চাইন অন ডেস্ক:

ডিব্ৰুগড় জিলা বানিপুৰত আজি মেচ কছাৰী জাতীয় পৰিষদ অসমৰ এখন সংবাদ মেল আয়োজন কৰি জনগোষ্ঠীটোক স্বায়ত্ব শাসন প্ৰদান কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই দুমাহৰ ভিতৰত কাৰ্যকৰী ব্যবস্থা গ্ৰহণ কৰিবলৈ জনজাতীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডা ৰণোজ কুমাৰ পেগুক আহ্বান জনোৱা কাৰ্যক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। সংবাদ মেলত সম্বোধন কৰি কেন্দ্ৰীয় সমিতিৰ সভাপতি দুলাল মেচে — অসম মূখ্যমন্ত্ৰীক ধন্যবাদ জনায় কয় যে ২০০৭ চনৰ ফ্ৰেৱাৰীত গঠন হোৱা মেছ কছাৰী জাতীয় পৰিষদে জন্মলগ্ম মেছ কছাৰী সকলক স্বায়ত্ব শাসন দাবী জনাই আহিছিল অসম চৰকাৰক।অসমৰ প্ৰাচীন জনগোষ্ঠীয় মেচ কছাৰী সকলৰ আচাৰ নীতি, সমাজ সংস্কৃতি, খাদ্যাভাষ, সাজপাৰ, নৃত্য গীতৰ প্ৰকাশ, বিকাশ, সংৰক্ষণ, সংবদ্ধন কৰাৰ লগতে জনগোষ্ঠীটোৰ সাংগঠনিক দিশসমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি জনগোষ্ঠীটোৰ সর্বাংগীন উন্নতিৰ বাবে দীঘদিনীয়া আন্দোলনৰ কৰি অহা জনগোষ্ঠীটোক অসম মূখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আগন্তক দুমাহৰ ভিতৰত মেচ কছাৰী সকলক স্বায়ত্ব শাসনৰ যাবতীয় প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ জনোৱাত সংগঠনটিয়ে উৎফুলিত হৈ মন্ত্ৰীগৰাকী ধন্যবাদ জনায় সংবাদ মাধ্যমৰ জড়িয়তে । আজি সংবাদমেলত মেচ কছাৰী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মূখ্য উপদেষ্টা চন্দন মেচ,কেন্দ্ৰীয় সমিতিৰ সাধাৰন সম্পাদক কমল মেচ, জিলা সভাপতি মনোজ কছাৰী সহ মহিলা পৰিষদৰ লগতে অন্যান্য কৰ্মকৰ্তা সকল উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *