...

উত্তৰ-পূৰ্বাঞ্চলত অঘটনৰ আশংকা ?

উত্তৰ-পূৰ্বাঞ্চলত অঘটনৰ আশংকা ?

হিমালয়ত গলিছে হিমবাহ সমগ্ৰ ভাৰতত আছে ১৩০টা অতি বিপজ্জনক হ্রদ

নতুন দিল্লী,৩০ছেপ্টেম্বৰঃ

হিমালয়ৰ বুকুত দ্রুতগতিত গলি অহা হিমবাহ আৰু ক্রমান্বয়ে বৃদ্ধি পোৱা হিমবাহ হ্রদসমূহে উত্তৰ-পূৰ্বাঞ্চল তথা হিমালয়ৰ সমতল ভূমিলৈ ভয়ংকৰ অঘটনৰ ইংগিত বহন কৰিছে। ২০২৩ চনৰ অক্টোবৰত ছিকিমৰ দক্ষিণৰ লোলাৰ্কত সংঘটিত বিধ্বংসী বানৰ পিছত সমগ্ৰ দেশজুৰি এই হিমবাহ হ্রদসমূহৰ বিপজ্জনক স্থিতি। আৰু নিৰীক্ষণ প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তোলা হৈছে। এই বিপদৰ প্ৰকৃত ছবি জনাৰ লগতে প্ৰতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ ভাৰতীয় মহাকাশ গবেষণা সংস্থা ইছৰ’ৰ অধীনস্থ নেচনেল ৰিম’ট ছেনঞ্চিৎ চেন্টাৰৰ সহায় লোৱা হৈছে। ২০১৬-১৭ চনৰ হাই ৰিজ’লিউছনযুক্ত উপগ্ৰহীয় ছবি ব্যৱহাৰ কৰি ইছৰ’ই হিমালয়ৰ নদী অববাহিকা ০.২৫
হেক্টৰ বা তাতকৈ ডাঙৰ আয়তনৰ মুঠ ২৮,০৪৩টা হিমবাহ হ্রদ চিহ্নিত কৰিছে। ইয়াৰ ভিতৰত ৭,৫৭০টা হ্রদ ভাৰতৰ ভৌগোলিক সীমাৰ ভিতৰত আৰু ২০,৪৭৩টা সীমান্তবর্তী অঞ্চলত অৱস্থিত। ইয়াৰ অৰুণাচলত ২,১৮৮টা আৰু ছিকিমত ৭৩৩টা হিমবাহ হ্রদ আছে। এইবোৰে উত্তৰ-পূৰ্বাঞ্চললৈ আনিছে অশনি সংকেট। এই হ্রদসমূহৰ ভিতৰত জম্মু-কাশ্মীৰ, লাডাখ, উত্তৰাখণ্ড, অৰুণাচল, হিমাচল আক ছিকিমৰ ৬০টা অত্যন্ত বিপজ্জনক হ্রদত আগতীয়া সতর্ক বার্তা প্রণালী স্থাপনৰ কাম দ্রুত গতিত চলি আছে। বিশেষজ্ঞসকলে কয়- ‘কোনো এটা হিমাবহ হ্রদ কেতিয়া ভাগি পৰিব সেয়া আগতীয়াকৈ ক’ব নোৱাৰি। কিন্তু ধাৰাবাহিক নিৰীক্ষণৰ জৰিয়তে বিপদৰ ইংগিত

Leave a Reply

Your email address will not be published. Required fields are marked *